কৰাচী, ১৬ অক্টোবৰ (হি.স.)। পাকিস্তানে ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰাৰ সময় আৰু এমাহৰ বাবে বৃদ্ধি কৰিছে। বুধবাৰে এই কথা ঘোষণা কৰে পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষ (পিএএ)ই। ইয়াৰ পূৰ্বে ২৩ ছেপ্টেম্বৰত ভাৰতে পাকিস্তানৰ বাবে ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰৰ ওপৰত থকা নিষেধাজ্ঞা এমাহৰ বাবে বৃদ্ধি কৰিছিল।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২২ এপ্ৰিলত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে পেহেলগামত ভাৰতীয় নাগৰিকক তেওঁলোকৰ ধৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰি হত্যা কৰিছিল। ইয়াৰ পিছতে ভাৰতে ৩০ এপ্ৰিলত পাকিস্তানৰ বিৰুদ্ধে কেতবোৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ অংশ হিচাপে পাকিস্তানী বিমান ভাৰতীয় ভূখণ্ডৰ ওপৰেৰে উৰণত নিষেধাজ্ঞা আৰোপ কৰা হয়। ইয়াৰ পিছতে ভাৰতে ৬-৭ মে’ত ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে, আৰু দুয়োখন দেশে ইজনে সিজনৰ আকাশমাৰ্গত বাধা আৰোপ কৰিছে।
বুধবাৰে পিএএই নতুন ‘নটিচ টু এয়াৰমেন’ (ন’টাম) জাৰি কৰি ভাৰতীয় পঞ্জীয়নভুক্ত বিমান, লিজত লোৱা বিমান, আৰু সকলো ভাৰতীয় বিমান সংস্থা আৰু অপাৰেটৰে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা ২৩ নৱেম্বৰলৈকে বৃদ্ধি কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ