ইছলামাবাদ, ১৬ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ মানৱ অধিকাৰ ৰক্ষাকাৰীৰ বিশেষ দূতৰ তালিকাত অন্তৰ্ভুক্ত হৈছে পাকিস্তানী হিজড়া নায়াব আলী। আলী হৈছে বিশ্বব্যাপী সংস্থাৰ যিকোনো পদৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমজন পাকিস্তানী হিজড়া।
তালিকাত অন্তৰ্ভুক্ত হোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নায়াব আলীয়ে কয় যে এই সিদ্ধান্তই হিজড়াসকলৰ স্বীকৃতি আৰু সমতাৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছে। তেখেতে কয় যে, এইটোৱে প্ৰমাণ কৰে যে ৰাষ্ট্ৰসংঘই সাৰ্বজনীনতা আৰু সকলোৰে প্ৰতি সন্মানৰ প্ৰতি দায়বদ্ধ। যদিহে নিযুক্তি দিয়া হয় তেন্তে মোৰ লক্ষ্য হ'ব মানৱ অধিকাৰ ৰক্ষাকাৰীসকলৰ সুৰক্ষা শক্তিশালী কৰা, বিশেষকৈ লিংগ বৈচিত্ৰ্যপূৰ্ণ সম্প্ৰদায়ৰ বাবে কাম কৰাসকলৰ সুৰক্ষা শক্তিশালী কৰা, যিসকলে বিশ্বজুৰি হিংসা আৰু বৰ্জনৰ সন্মুখীন হয়।
পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনৰ নেতৃত্ব দিব মালাউই, কোৰিয়া ৰিপাব্লিক, উত্তৰ মেচিডোনিয়া, গুৱেটামালা, আৰু তুৰস্কৰ প্ৰতিনিধিৰে গঠিত বিশেষ পৰামৰ্শদাতা গোট। ৬১ সংখ্যক অধিৱেশনৰ সময়ত চূড়ান্ত নিযুক্তিৰ বাবে মানৱ অধিকাৰ পৰিষদৰ সভাপতিক প্ৰাৰ্থীৰ পৰামৰ্শ দিব। বৰ্তমান নায়াব আলীয়ে ট্ৰেন্সজেণ্ডাৰ ৰাইটছ কনচালটেণ্টছ পাকিস্তানৰ কাৰ্যবাহী সঞ্চালক আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গ্ল’বেল হিউমেন ৰাইটছ ফেলো হিচাপে কাম কৰি আছে। হিজড়া ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, ২০১৮ৰ খচৰা প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা তেখেতে মানৱ অধিকাৰ আৰু আইনৰ শাসনৰ বাবে ফ্ৰান্স-জাৰ্মান বঁটা (২০২০)কে ধৰি সাতটা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ