কমলপুৰ সমষ্টিত চৈধ্যটাকৈ পথৰ শিলান্যাস বিধায়ক দিগন্ত কলিতাৰ 
কমলপুৰ সমষ্টিত চৈধ্যটাকৈ পথৰ শিলান্যাস বিধায়ক দিগন্ত কলিতাৰ । 
কমলপুৰ সমষ্টিত চৈধ্যটাকৈ পথৰ শিলান্যাস বিধায়ক দিগন্ত কলিতাৰ 


কামৰূপ, ০৭ জানুৱাৰী (হি.স.): পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কমলপুৰ সমষ্টিত বিজেপিৰ নিৰ্বাচনী কুচকাৱাৰ আৰম্ভ হৈছে । আজি এদিনতে প্ৰায় চৈধ্যটাকৈ পথৰ শিলান্যাস কৰিলে বিধায়ক দিগন্ত কলিতাই ।

পথৰ শুভাৰম্ভণি কৰি বিধায়ক গৰাকীয়ে কয় যে গ্ৰাম্যাঞ্চলৰ সৰু সৰু পথ সমুহ পঞ্চায়তৰ জড়িয়তেহে কৰা সম্ভব হয় । লগতে ২৬ ৰ নিৰ্বাচনৰ আগত সৰু ৰাষ্টা নাথাকিব বুলিও কয় বিধায়ক দিগন্ত কলিতাই । পঞ্চায়ত নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰতা নাথাকিব নেকি বুলি শোধা প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে কয় যে সেই সিদ্ধান্ত মুখ্যমন্ত্ৰী আৰু অতুল বৰাইহে ল’ব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande