বিজনীৰ আবাদীপাৰাত বনৰীয়া গৰুৰ আক্ৰমণ মহিলাসহ তিনিজন আহত
চিৰাং, ০৮ জানুৱাৰী (হি.স.)। চিৰাঙৰ বিজনীৰ আবাদীপাৰাত বনৰীয়া গৰুৰ আক্ৰমণ। আহত তিনিজনকৈ ব্যক্তি । ইয়াৰে এগৰাকী মহিলা। আহত কেইগৰাকীক ক্ৰমে আবাদীপাৰা নিৱাসী পুৰ্ণিমা ৰায়(৫০) আৰু ভাওৰাগুৰীৰ নিৱাসী নজমুল আলী (৩০) দাসপাৰাৰ নিৱাসী মহৰ আলী(৫৫)। আহত সকলক ত
বিজনীৰ আবাদীপাৰাত বনৰীয়া গৰুৰ আক্ৰমণ মহিলাসহ তিনিজন আহত


চিৰাং, ০৮ জানুৱাৰী (হি.স.)। চিৰাঙৰ বিজনীৰ আবাদীপাৰাত বনৰীয়া গৰুৰ আক্ৰমণ। আহত তিনিজনকৈ ব্যক্তি । ইয়াৰে এগৰাকী মহিলা। আহত কেইগৰাকীক ক্ৰমে আবাদীপাৰা নিৱাসী পুৰ্ণিমা ৰায়(৫০) আৰু ভাওৰাগুৰীৰ নিৱাসী নজমুল আলী (৩০) দাসপাৰাৰ নিৱাসী মহৰ আলী(৫৫)।

আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। ইফালে আহত মহিলা পুৰ্ণিমা ৰায়ক বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও কৰ্তব্যৰত চিকিৎসকে মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে কাজলগাঁওলৈ প্ৰেৰণ কৰে । বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে এই প্ৰাপ্তবয়স্ক বনৰীয়া গৰুটো।

মঙলবাৰে নিশা ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰা ওলাই অহা বনৰীয়া গৰুটোৱে আবাদীপাৰা, দাসপাৰা, ভাওৰাগুৰী অঞ্চলত প্ৰবেশ কৰি আতংকৰ সৃষ্টি কৰিছে।সম্প্ৰতি অঞ্চলটোত বন বিভাগ আৰু আৰক্ষী উপস্থিত হৈ বনৰীয়া গৰুটো খেদিবলৈ চেষ্টা চলাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande