উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকৰ সন্ধানত কালাপানীত উদ্ধাৰ অভিযান অব্যাহত
ডিমা হাছাও, ০৯ জানুৱাৰী (হি.স.)। ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ কালামাটিৰ কয়লা খনিত ভূপৃষ্ঠৰ পৰা ১০০ ফুট গভীৰতাত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। এছডিআৰএফ, এনডিআৰএফ তথা নৌ- সেনাৰ দলে নিৰৱচ্ছিন্ন অভিযান চলাই আছে আৰু ঘটনাৰ প্ৰায় ৪৫ ঘণ্টাৰ
নলীনাদত পৰি যোৱা চেতনাৰ উদ্ধাৰ নৱম দিনতো অব্যাহত


ডিমা হাছাও, ০৯ জানুৱাৰী (হি.স.)। ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ কালামাটিৰ কয়লা খনিত ভূপৃষ্ঠৰ পৰা ১০০ ফুট গভীৰতাত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। এছডিআৰএফ, এনডিআৰএফ তথা নৌ- সেনাৰ দলে নিৰৱচ্ছিন্ন অভিযান চলাই আছে আৰু ঘটনাৰ প্ৰায় ৪৫ ঘণ্টাৰ পাছত খাদৰ গভীৰৰ পৰা এজন শ্ৰমিকৰ নিথৰ দেহ উদ্ধাৰ কৰিছে।

উল্লেখ্য যে বুধবাৰে চলোৱা অভিযানৰ প্ৰথম ২০ মিনিটতে নৌ-সেনাৰ ২১ পেৰাডাইভাৰে কয়লা খনিটোৰপৰা উদ্ধাৰ কৰে নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠৰ মৃতদেহ। প্ৰচণ্ড শীত আৰু প্ৰতিকূল বতৰৰ মাজতে নিখোজ আনসকল শ্ৰমিকৰ সন্ধানত উমৰাংছ’ৰ কয়লাখনিত উদ্ধাৰকাৰী দলে চলাই আছে। আনহাতে অভিযানত ক’ল ইণ্ডিয়াৰ এটা দলো নামি পৰিছে।

প্ৰায় ১০০ ফুট উচ্চতালৈ পানী থকাৰ বাবে উদ্ধাৰ অভিযানত সৃষ্টি হৈছে সমস্যাৰ। ইতিমধ্যে কয়লা খনিৰ খাদৰ পানীত উদ্ধাৰ হৈছে আবদ্ধ শ্ৰমিকৰ জোতা, চেণ্ডেল আৰু হেলমেট। কেমেৰাৰ দৃশ্য চাই ওপৰৰ পৰা সেনাই নিৰীক্ষণ কৰি গ’ল পৰিস্থিতি। খনিৰ তলত পানীৰ মাজলৈ কেমেৰা পঠাই বন্দী কৰিলে গভীৰৰ দৃশ্য। আনহাতে, নৌ সেনা আৰু এনডিআৰএফৰ পেৰাডাইভাৰে খাদৰ গভীৰতালৈ চলাই গৈছে উদ্ধাৰ অভিযান।

ইফালে খাদটোৰ পানীৰ মাত্ৰা হ্ৰাস কৰিবৰ বাবে কুম্ভীৰগ্ৰাম বন্দৰৰ পৰা হেলিকপ্টাৰযোগে ওএনজিচিৰ পৰা অনা অত্যাধুনিক পানী সিঁচা পাম্পে পানী সিঁচি থকা হৈছে। এই পাম্পে প্ৰতি মিনিটত প্ৰায় ১,৮০০ লিটাৰ পানী সিঁচিব পাৰে। আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে সোমবাৰৰ নিশাৰে পৰা উমৰাংছ’ৰ ঘটনাস্থলীত এছডিজিপি হৰমিত সিঙে নিজে উপস্থিত থাকি তদাৰক কৰি আছে উদ্ধাৰ অভিযান।

ইফালে উদ্ধাৰ অভিযান সন্দৰ্ভত কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে উদ্ধাৰ অভিযানত পূৰ্ণ সহযোগৰ আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় কয়লা মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande