জাগীৰোডৰ ঐতিহাসিক জোনবিল মেলাৰ প্ৰস্তুতি তুংগত 
মৰিগাঁও, ০৮ জানুৱাৰী (হি.স.)। উখল-মাখল জাগীৰোডৰ জোনবিলৰ পাৰ। সমাগত ঐতিহাসিক জোনবিল মেলা। প্ৰস্তুতি তুংগত জোলবিলৰ পাৰত। পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ বাণীৰে পুনৰ জাগীৰোডত অনুষ্ঠিত হ'ব জোনবিল মেলা। অহা ১৬ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই
প্ৰস্তুতি তুংগত জাগীৰোডৰ ঐতিহাসিক জোনবিল মেলাৰ


প্ৰস্তুতি তুংগত জাগীৰোডৰ ঐতিহাসিক জোনবিল মেলাৰ


মৰিগাঁও, ০৮ জানুৱাৰী (হি.স.)। উখল-মাখল জাগীৰোডৰ জোনবিলৰ পাৰ। সমাগত ঐতিহাসিক জোনবিল মেলা। প্ৰস্তুতি তুংগত জোলবিলৰ পাৰত।

পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ বাণীৰে পুনৰ জাগীৰোডত অনুষ্ঠিত হ'ব জোনবিল মেলা। অহা ১৬ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই জোনবিল মেলাৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি। সাজি তোলা হৈছে চাংঘৰ, ৰভা।

তিৱাসকলৰ কৃষ্টি সংস্কৃতি উদ্ভাসিত কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে অনুষ্ঠিত এই জোনবিল মেলালৈ আগমন ঘটে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন প্ৰান্তৰ লোক। দ্বিতীয় দিনা কাহিলী পুৱাতে পাহাৰৰ মামা-মামী সকলে ভাগ লয় ইতিহাসপ্ৰসিদ্ধ বিনিময় প্ৰথাত। পাহাৰ আলু-কচু-পাচলিৰ সৈতে বিনিময় কৰে ভৈয়ামৰ লাৰু -পিঠাকে ধৰি আন বহুতো থলুৱা সামগ্ৰী । ক্ষণিক সময়ৰ বাবে স্তব্ধ হৈ পৰে মুদ্ৰাৰ প্ৰচলন। ইয়াকে লৈ উখল-মাখল হৈ পৰে জোনবিলৰ পাৰ, এইবেলিও এই মেলাভাগি সুচাৰুৰূপে সম্পন্ন কৰাৰ অৰ্থে মেলা পৰিচালনা সমিতিয়ে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰস্তুতি। প্ৰথম দিনাৰ কাৰ্যসূচীত ৰাজ্যৰ ৰাজ্যপালে অংশগ্ৰহণ কৰাৰ লগতে দ্বিতীয় দিনাৰ পৰম্পৰাগত ৰাজ দৰবাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত ২২ গৰাকী তিৱা ৰজাক প্ৰদান কৰা হ'ব ৰাজভাট্টা। লগতে প্ৰতিদিনাই থাকিব অন্যান্য আকৰ্ষণীয় অনুষ্ঠান।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande