ধেমাজি, ০৮ জানুৱাৰী (হি.স.)। জোনাইত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ অৱস্থান ধর্মঘট কাৰ্য্যসূচী ৰূপায়ন। ৰাজ্যৰ বড়ো মাধ্যমৰ শিক্ষা ব্যৱস্থাক অধিক উন্নিতকৰণৰ লক্ষ্যৰে ২৬ দফীয়া দাবী উত্থাপন কৰি সমগ্ৰ ৰাজ্যৰ লগতে জোনাইতো জোনাই সমজিলাৰ অতিৰিক্ত আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এবছুৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত তিনিঘন্টীয়া অৱস্থান ধর্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে l
কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা চমুকৈ চিটিইটি ত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰা, ৩৫ খন নতুন মডেল বড়ো মাধ্যম হাইস্কুল স্থাপন কৰা, বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি অপ্ৰাদেশীকৃত বিদ্যালয় সমূহক প্ৰাদেশিকীকৰণ কৰা, অসম পাঠ্যপুথি আৰু প্ৰকাশন নিগমত বড়ো মাধ্যমৰ বাবে এজন শৈক্ষিক বিষয়া নিযুক্তি প্ৰদান কৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ বাবে অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপকৰ অতিৰিক্ত পদ সৃষ্টি কৰা আদিকে ধৰি মুঠ ২৬ দফা দাবী উত্থাপন কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ এই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু