গুৱাহাটী, ০৭ জানুৱাৰী(হি.স.)। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৭ জানুৱাৰীত অসমত উপস্থিত হ’ব । নিশা ১০.৩০ বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যিক বিজেপিৰ সুত্ৰই সদৰি কৰা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি, কেইবা গৰাকীও ৰাজ্যিক মন্ত্ৰীকে ধৰি ৰাজ্যৰ বিজেপিৰ শীৰ্ষ নেতৃত্বই তেওঁক বিমান বন্দৰত আদৰণি জনাব।
গুৱাহাটীত উপস্থিত হোৱাৰ পিছত নাড্ডাই কইনাধৰাত নিশাটো কটাব। পিছদিনা পুৱা অৰ্থাৎ ৮ জানুৱাৰীত তেওঁ নাৰেংগী হেলিপেডৰ পৰা হেলিকপ্টাৰেৰে তেজপুৰলৈ ৰাওনা হ’ব । দুপৰীয়াৰ ভাগত তেজপুৰত উপস্থিত হোৱাৰ লগে লগে নড্ডাই মঙলদৈ লৈ গৈ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, স্থানীয় নেতা আৰু দলৰ কৰ্মী সকলৰ সৈতে বৈঠকত মিলিত হ’ব।
পিছত বিয়লি ৩.১৫ বজাত হেলিকপ্টাৰেৰে নড্ডা উপস্থিত হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি-গুৱাহাটী (আই আই টি-জি)ত। উক্ত ভ্ৰমণৰ সময়চোৱাত তেওঁ প্ৰতিষ্ঠানটোৰ ভৱিষ্যত সম্ভাৱনা আৰু অঞ্চলটোৰ উন্নয়নত ইয়াৰ ভূমিকা সম্পৰ্কে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ পিছতে নড্ডাই চাংসাৰি স্থিত এইমছৰ চৌহদ পৰিদৰ্শন কৰি ইয়াত অব্যাহত থকা স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নয়নৰ মূল্যায়ন কৰিব। অসমত তেওৰ কাৰ্য্যসুচী সম্পূৰ্ণ কৰাৰ পিছত সন্ধিয়া পুনৰ নতুন দিল্লীলৈ ৰাওনা হ’ব।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ