তেজপুৰত আন্ত:জিলা আৰ্চাৰী প্ৰতিযোগিতাৰ স্হলীত প্ৰতিযোগীক উদ্বুদ্ধ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
-অসমত এতিয়া নতুনচামৰ মাজত ক্ৰীড়াসূলভ মনোভাৱ গঢ়ি উঠিছে --পবিত্ৰ মাৰ্ঘেৰিটা শোণিতপুৰ, ০৪ জানুৱাৰী, (হি.স.)। তেজপুৰত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত আন্ত:জিলা আৰ্চাৰী প্ৰতিযোগিতাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আৰ্চাৰ সকলক উদ্বুদ্ধ কৰিবলৈ তেজপুৰত আহি উপস্থিত হ
তেজপুৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা


তেজপুৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা


তেজপুৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা


তেজপুৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা


-অসমত এতিয়া নতুনচামৰ মাজত ক্ৰীড়াসূলভ মনোভাৱ গঢ়ি উঠিছে --পবিত্ৰ মাৰ্ঘেৰিটা

শোণিতপুৰ, ০৪ জানুৱাৰী, (হি.স.)। তেজপুৰত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত আন্ত:জিলা আৰ্চাৰী প্ৰতিযোগিতাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আৰ্চাৰ সকলক উদ্বুদ্ধ কৰিবলৈ তেজপুৰত আহি উপস্থিত হয়হি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ৷ তেজপুৰ নেহৰু ময়দানত শোণিতপুৰ জিলা আৰ্চাৰী সন্হাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ শুভাৰম্ভণিৰ দিনটোৰ বিয়লি নেহৰু ময়দানৰ প্ৰতিযোগিতা স্হলীত উপস্থিত হৈ ভাষণ প্ৰসংগত অসমত এতিয়া নতুন চামৰ মাজত ক্ৰীড়া সুলভ মন গঢ়ি উঠিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত খেল মহাৰণকে ধৰি ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন আৰু ক্ৰীড়া প্ৰতিভাক সুবিধা প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে প্ৰসংগক্ৰমে কয় যে তেজপুৰৰ এই আৰ্চাৰী প্ৰতিযোগিতাই কন কন লৰা ছোৱালীক ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোৱাৰ পথ প্ৰশস্ত কৰিব৷ উল্লেখ্য যে তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত আন্ত:জিলা আৰ্চাৰী প্ৰতিযোগিতাত ১০বছৰৰ আৰু ১৩ বছৰৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ তিনিশ প্ৰতিযোগীয়ে অংশ লয়৷ অসম আৰ্চাৰী সন্থাৰ সদস্য হিচাপে মন্ত্ৰী গৰাকীয়ে প্ৰতিযোগী সকলক উৎসাহিত কৰে৷ তেওক সংগ দিয়ে তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভা আৰু জিলা আয়ুক্ত অংকুৰ ভড়ালীয়ে৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande