অধিনায়ক হ’ব স্মৃতি, অভিষেক ঘটোৱাৰ বাবে সাজু হৈছে ছাইলী সাতঘৰে
নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মহিলা বাছনি সমিতিয়ে সোমবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা তিনিখন এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় দলৰ কথা ঘোষণা কৰে। নিয়মীয়া অধিনায়ক হৰমনপ্ৰীত কৌৰক দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই, তেওঁৰ ঠাইত স্মৃতি মান্ধনাক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে, আনহাতে উপ-অধিনায়ক হিচাপে থাকিব দীপ্তী শৰ্মা।
অলৰাউণ্ডাৰ ছাইলী সাতঘৰে অভিষেক ঘটাব। সোঁহাতৰ মধ্যম গতিৰ বলাৰ ছাইলিয়ে ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ খেলে, আনহাতে মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ত গুজৰাট জায়েন্টছক প্ৰতিনিধিত্ব কৰে। অহা ১০, ১২ আৰু ১৫ জানুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব আৰু তিনিওখন মেচ ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
আয়াৰলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ দলটো হ’ল- স্মৃতি মান্ধনা (অধিনায়ক), দীপ্তি শৰ্মা (উপ অধিনায়ক), প্ৰতিকা ৰাৱাল, হাৰলিন দেওল, জেমিমাহ ৰড্ৰিগেছ, উমা ছেত্ৰী (উইকেটকীপৰ), ৰিচা ঘোষ (উইকেট কীপৰ) , তেজল হাছবানী, ৰাঘৱী বিষ্ট, মিন্নু মণি, প্ৰিয়া মিশ্ৰ, তনুজা কানৱাৰ, তিতাছ সাধু, ছাইমা ঠাকোৰ, ছাইলী সাতঘৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া