অহা ৭ জানুৱাৰীৰ পৰা এ এফ চি এছিয়ান কাপ ২০২৭
নতুন দিল্লী, ৭ জানুৱাৰী (হি.স.)। এছিয়ান ফুটবল কনফেডাৰেচনৰ এছিয়া কাপ ২০২৭ ৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ৫ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব। মঙলবাৰে এ এফ চিয়ে উপৰোক্ত তথ্য প্ৰদান কৰে। ইয়াৰ উপৰিও কিং ফাহদ স্প’ৰ্টছ চিটি ষ্টেডিয়াম, কিং ছাউদ ইউনিভাৰ্চিটি ষ্টেড
किंग अब्दुल्ला स्पोर्ट्स सिटी स्टेडियम


নতুন দিল্লী, ৭ জানুৱাৰী (হি.স.)। এছিয়ান ফুটবল কনফেডাৰেচনৰ এছিয়া কাপ ২০২৭ ৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ৫ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব। মঙলবাৰে এ এফ চিয়ে উপৰোক্ত তথ্য প্ৰদান কৰে।

ইয়াৰ উপৰিও কিং ফাহদ স্প’ৰ্টছ চিটি ষ্টেডিয়াম, কিং ছাউদ ইউনিভাৰ্চিটি ষ্টেডিয়াম, ইমাম মহম্মদ ইবনে ছাউদ ইউনিভাৰ্চিটি ষ্টেডিয়াম, কিংডম এৰিনা আৰু আল শ্বাবাব ষ্টেডিয়ামকে ধৰি পাঁচখন ষ্টেডিয়ামত মহাদেশীয় প্ৰতিযোগিতাখন আয়োজন কৰাটো নিশ্চিত কৰা হৈছে।

ভাৰতে নিজৰ নিবিদা প্ৰত্যাহাৰ কৰাৰ পিছত ২০২৩ চনত এছিয়ান কাপৰ ২০২৭ সংস্কৰণৰ আয়োজক হিচাপে ঘোষণা কৰা হয় চৌদি আৰৱক। পূৰ্বৰ সংস্কৰণটো কাটাৰে আয়োজন কৰিছিল।

ছৌদি আৰব ফুটবল ফেডাৰেচনৰ সভাপতি ইয়াছেৰ আল মিছায়েলে কয় যে এ এফ চি এছিয়ান কাপ চৌদি আৰব ২০২৭ৰ বাবে তাৰিখ নিশ্চিত কৰা আৰু ষ্টেডিয়াম নিৰ্বাচন কৰাটো আমাৰ প্ৰতিযোগিতাখন আয়োজনৰ যাত্ৰাৰ এক কৌশলগত মাইলৰ খুঁটি। ইতিমধ্যে ১৮খন দেশে নিজৰ স্থান দখল কৰিছে আৰু চলিত বৰ্ষৰ মাৰ্চ মাহত তৃতীয় ৰাউণ্ডৰ কোৱালিফায়াৰ আৰম্ভ হ’ব। ছিংগাপুৰ, হংকং আৰু বাংলাদেশৰ লগতে ভাৰতক গ্ৰুপ চিত স্থান দিয়া হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande