মালয়েছিয়ান অ’পেন ২০২৫: এইচ এছ প্ৰণয়ৰ জয়ৰে নিজৰ অভিযান আৰম্ভ
কুৱালালামপুৰ, ০৮ জানুৱাৰী (হি.স.)। ভাৰতীয় বেডমিণ্টন তাৰকা এইচ এছ প্ৰণয়ে বুধবাৰে মালয়েছিয়ান অ’পেন ২০২৫ত জয়লাভ কৰি নিজৰ অভিযান আৰম্ভ কৰে। বুধবাৰে প্ৰণয়ে কানাডাৰ ব্রায়ান ইয়াঙক ২১-১২, ১৭-২১, ২১-১৫ ব্যৱধানত পৰাস্ত কৰে ৷ এই খেলখন এঘণ্টা ২৯ মিনিট ধৰ
মালয়েছিয়ান অ’পেন ২০২৫: এইচ এছ প্ৰণয়ৰ জয়ৰে নিজৰ অভিযান আৰম্ভ


কুৱালালামপুৰ, ০৮ জানুৱাৰী (হি.স.)। ভাৰতীয় বেডমিণ্টন তাৰকা এইচ এছ প্ৰণয়ে বুধবাৰে মালয়েছিয়ান অ’পেন ২০২৫ত জয়লাভ কৰি নিজৰ অভিযান আৰম্ভ কৰে। বুধবাৰে প্ৰণয়ে কানাডাৰ ব্রায়ান ইয়াঙক ২১-১২, ১৭-২১, ২১-১৫ ব্যৱধানত পৰাস্ত কৰে ৷ এই খেলখন এঘণ্টা ২৯ মিনিট ধৰি চলিছিল।

একে সময়তে তানিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ মিক্সড ডাবলছৰ যুটিয়ে দক্ষিণ কোৰিয়াৰ কো ছুং-হিউন আৰু ইওম হ্যে-হাইক একেৰাহে দুখন খেলত ২১-১৩, ২১-১৪ ব্যৱধানত পৰাস্ত কৰি অভিযান আৰম্ভ কৰে। এই খেলখন ৩০ মিনিট ধৰি চলিছিল।

ইয়াৰ উপৰিও মহিলা একক প্ৰতিযোগিতাত মালবিকা বানছ’দে মালয়েছিয়াৰ গ’হ জিন ৱেইৰ বিৰুদ্ধে ২-১৫, ২১-১৬ ব্যৱধানত জয়লাভ কৰি নিজৰ প্ৰতিযোগিতাখনক ভাল আৰম্ভণি কৰে।

ভাৰতীয় শীৰ্ষ শ্বাটলাৰ তথা পেৰিছ অলিম্পিক ২০২৪ৰ ছেমি ফাইনেলিষ্ট লক্ষ্য সেনে মঙলবাৰে চীনা টাইপেইৰ চি ইউ-জেনৰ বিৰুদ্ধে পোনপটীয়া খেলত পৰাজয়ৰ সন্মুখীন হয়।

বি ডব্লিউ এফ ৰেংকিঙত ১২ নম্বৰ স্থানত থকা ভাৰতীয় বেডমিণ্টন খেলুৱৈগৰাকীয়ে পুৰুষৰ একক ৰাউণ্ড ৩২ত বিশ্বৰ ৩২ নম্বৰ শ্বাটলাৰ কানাডাৰ ব্রায়ান ইয়াঙৰ বিৰুদ্ধে ১৪-২১, ৭-২১ ব্যৱধানত পৰাস্ত হয় ৷

কমনৱেলথ গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী ট্ৰিছা জলী আৰু গায়ত্ৰী গোপিচাণ্ডে থাইলেণ্ডৰ অৰ্নিচা জংছাথাপৰ্ণপাৰ্ণ আৰু চুকিতা ছুৱাটচাইক ২১-১০, ২১-১০ ব্যৱধানত পৰাস্ত কৰে।

ভাৰতীয় যুটিটোৱে পৰৱৰ্তী মেচত বিশ্বৰ চতুৰ্থ স্থানৰ যুটি চীনৰ জাং ছুছিয়ান আৰু চীনৰ জিয়া য়িফানৰ সৈতে মুখামুখি হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande