বুডাপেষ্ট, ০৯ জানুৱাৰী (হি.স.)। “আইৰন লেডী” নামেৰে পৰিচিত হাংগেৰীৰ সাঁতোৰবিদ কাটিংকা হোছজুৱে বুধবাৰে প্ৰতিযোগিতামূলক সাঁতোৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ছ’চিয়েল মিডিয়াত এক আৱেগিক বাৰ্তা যোগে ৩৫ বছৰীয়া সাঁতোৰবিদগৰাকীয়ে তেওঁক সমৰ্থন কৰা সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু এই ক্ৰীড়াই তেওঁক প্ৰদান কৰা পৰিৱৰ্তনশীল যাত্ৰাৰ বিষয়ে চিন্তা কৰে।
তেখেতে কয়, “এতিয়া যেতিয়া মই মোৰ কেৰিয়াৰলৈ উভতি চাওঁ, তেতিয়া মই অনুভৱ কৰোঁ যে পদক আৰু অভিলেখ মূল্যৱান, কিন্তু মোৰ মনত যিটোৱে আটাইতকৈ বেছি থাকে সেয়া হ’ল সাঁতোৰৰ প্ৰতি মোৰ চিৰন্তন প্ৰেম।
হোছজুৰ সাফল্যৰ তালিকাখন অসাধাৰণ। ২০০ মিটাৰ আৰু ৪০০ মিটাৰ ব্যক্তিগত মেডলীৰ লগতে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ১০০ মিটাৰ বেকষ্ট্ৰ’কত সোণৰ পদক লাভ কৰি তিনিবাৰৰ অলিম্পিক চেম্পিয়ন। কেৰিয়াৰৰ সময়ছোৱাত তেওঁ ৯৭টা পদক লাভ কৰি ২০০ মিটাৰ ব্যক্তিগত মেডলীৰ বিশ্ব অভিলেখ ২:০৬.১২ লৈ পুল এৰি থৈ যায়, যাৰ ফলত তেওঁৰ এই ক্ৰীড়াৰ সৰ্বকালৰ অন্যতম মহান খেলুৱৈ হিচাপে তেওঁৰ মৰ্যাদা সুদৃঢ় হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া