নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। প্ৰতিদ্বন্দ্বিতামূলক প্ৰাৰ্থীৰ চূড়ান্ত তালিকাত মাত্ৰ দুটা নামহে স্থান পোৱাৰ বাবে অহা ১২ জানুৱাৰীত বিচিচিআইৰ সচিব (সম্পাদক) আৰু কোষাধ্যক্ষ হিচাপে ক্ৰমে দেৱজিৎ শইকীয়া আৰু প্ৰভতেজ সিং ভাটিয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাতো নিশ্চিত হৈছে ।
বিচিচিআইৰ নিৰ্বাচনী বিষয়া তথা ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত আচল কুমাৰ জোটিয়ে মঙলবাৰে প্ৰতিদ্বন্দ্বিতামূলক প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰে। যোৱা সপ্তাহত মনোনয়ন দাখিলৰ সময়সীমা শেষ হোৱাৰ বিপৰীতে মঙলবাৰে বিয়লি ২ বজাত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ শেষ হয়।
যিহেতু কোনো নাম প্ৰত্যাহাৰ কৰা হোৱা নাছিল, সেয়েহে মঙলবাৰে সন্ধিয়া ৫ বজাত প্ৰতিদ্বন্দ্বিতাকাৰী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে ৰিটাৰ্ণিং অফিচাৰে।
অহা ১২ জানুৱাৰীত বিচিচিআইৰ এছজিএমৰ সময়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত এতিয়া আনুষ্ঠানিকতাত পৰিণত হোৱা ফলাফল একেদিনাই ঘোষণা কৰা হ’ব।
উল্লেখ্য যে ১ ডিচেম্বৰত জয় শ্বাহ আইচিচিৰ অধ্যক্ষ হোৱাৰ পিছৰে পৰা বিচিচিআইৰ অন্তৱৰ্তীকালীন সচিব হিচাপে কাম কৰি আহিছে শইকীয়াই। শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা আশীষ শেলাৰৰ বাবে পদটো খালী হৈ পৰাত ভাটিয়াই কোষাধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া