তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে গংগাচৰণ ভট্টাচাৰ্য্য সোঁৱৰণী আন্ত:জিলা আৰ্চাৰী প্ৰতিযোগিতাৰ শুভাৰম্ভ
তিনিশতাধিক প্ৰতিযোগীৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট ক্ৰীড়াবিদ গংগাচৰণ ভট্টাচাৰ্য্যক মৰোণোত্তৰভাৱে সম্বৰ্ধনা জ্ঞাপন অসম আৰ্চাৰী সন্হাৰ উপসভাপতিৰ লগতে ভাৰতীয় জাতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য্য আৰু অভিনেত্ৰী আঙুৰলতা ডেকাৰ অ
তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে গংগাচৰণ ভট্টাচাৰ্য্য সোঁৱৰণী আন্ত:জিলা আৰ্চাৰী প্ৰতিযোগিতাৰ শুভাৰম্ভ


তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে গংগাচৰণ ভট্টাচাৰ্য্য সোঁৱৰণী আন্ত:জিলা আৰ্চাৰী প্ৰতিযোগিতাৰ শুভাৰম্ভ


তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে গংগাচৰণ ভট্টাচাৰ্য্য সোঁৱৰণী আন্ত:জিলা আৰ্চাৰী প্ৰতিযোগিতাৰ শুভাৰম্ভ


তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে গংগাচৰণ ভট্টাচাৰ্য্য সোঁৱৰণী আন্ত:জিলা আৰ্চাৰী প্ৰতিযোগিতাৰ শুভাৰম্ভ


তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে গংগাচৰণ ভট্টাচাৰ্য্য সোঁৱৰণী আন্ত:জিলা আৰ্চাৰী প্ৰতিযোগিতাৰ শুভাৰম্ভ


তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে গংগাচৰণ ভট্টাচাৰ্য্য সোঁৱৰণী আন্ত:জিলা আৰ্চাৰী প্ৰতিযোগিতাৰ শুভাৰম্ভ


তিনিশতাধিক প্ৰতিযোগীৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট ক্ৰীড়াবিদ গংগাচৰণ ভট্টাচাৰ্য্যক মৰোণোত্তৰভাৱে সম্বৰ্ধনা জ্ঞাপন

অসম আৰ্চাৰী সন্হাৰ উপসভাপতিৰ লগতে ভাৰতীয় জাতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য্য আৰু অভিনেত্ৰী আঙুৰলতা ডেকাৰ অংশ গ্ৰহণ

শোণিতপুৰ, ০৪ জানুৱাৰী (হি.স.)। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ তিনিশতাধিক প্ৰতিযোগীৰ উপস্থিতিত এক উল্লাসপূৰ্ণ পৰিৱেশৰ মাজত তেজপুৰৰ ঐতিহাসিক নেহৰু ময়দানত দুদিনীয়াকৈ আৰম্ভ হৈছে ১০ আৰু ১৩ বছৰ অনুৰ্ধ ল'ৰা আৰু ছোৱালীৰ আন্ত:জিলা আৰ্চাৰী প্ৰতিযোগিতা। শোণিতপুৰ জিলা আৰ্চাৰী সন্হাৰ উদ্যোগত দুদিনীয়াকৈ গংগাচৰণ ভট্টাচাৰ্য্য সোঁৱৰণী এই প্ৰতিযোগিতা আজি বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ।অসম আৰ্চাৰী সন্হাৰ উপসভাপতি এল পি সিং আৰু শোণিতপুৰ জিলা আৰ্চাৰী সন্হাৰ সভাপতি ঋতুবৰণ শৰ্মাই ক্ৰমে অসম আৰ্চাৰী সন্হা আৰু শোণিতপুৰ জিলা আৰ্চাৰী সন্হাৰ পতাকা উত্তোলন কৰাৰ পিছত বিশিষ্ট ক্ৰীড়াবিদ গংগাচৰণ ভট্টাচাৰ্য্যৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সহধৰ্মিনী অৰ্পণা ভট্টাচাৰ্য্যই ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গংগাচৰণ ভট্টাচাৰ্য্যৰ সুযোগ্য পুত্ৰ, অসম গৌৰৱ তথা ভাৰতীয় জাতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য্য, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰ জিলা আৰ্চাৰী সন্হাৰ সভাপতি ঋতুবৰণ শৰ্মা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, শোণিতপুৰ জিলা আৰ্চাৰী সন্হাৰ উপদেষ্টা পুষ্পা ডেকা আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইয়াৰ পিছতেই শোণিতপুৰ জিলা আৰ্চাৰী সন্হাৰ উপসভাপতি পংকজ বৰুৱাই আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানত সভাপতি ঋতুবৰণ শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰে । তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, ভাৰতীয় জাতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য্য, এছ এছ বিৰ কমাণ্ডিং বিষয়া ৰাজেশ কুমাৰ গুপ্তা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উপসভাপতি প্ৰদীপ বৰঠাকুৰ, সম্পাদক জিতেন বৰা, শোণিতপুৰ জিলা আৰ্চাৰী সন্হাৰ প্ৰাক্তন সম্পাদক সুৰজিৎ ডেকা, সম্পাদক মধুস্মিতা হাজৰিকা ডেকা আদিৰ উপস্থিতিত জিলা আয়ুক্ত অংকুৰ ভৰালীৰ লগতে বিধায়ক পৃথ্বিৰাজ ৰাভাই উদ্বোধনী ভাষণ প্ৰদান কৰে।

আনহাতে এই অনুষ্ঠানতে প্ৰয়াত গংগাচৰণ ভট্টাচাৰ্য্যক শোণিতপুৰ জিলা আৰ্চাৰী সন্হাই প্ৰদান কৰিব লগা মৰণোত্তৰ সম্বৰ্ধনা পত্ৰখন উপসভাপতি পংকজ বৰুৱাই পাঠ কৰাৰ পিছত বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে আনুষ্ঠানিক ভাৱে বিশিষ্ট অতিথি সকলৰ উপস্থিতিত সহধৰ্মিনী অৰ্পণা ভট্টাচাৰ্য্যৰ হাতত অৰ্পণ কৰে।

ইয়াৰ পিছতেই জনপ্ৰিয় চলচ্চিত্ৰ অভিনেত্ৰী তথা প্ৰাক্তন বিধায়ক আঙুৰলতা ডেকাৰ উপস্থিতিত অতিথি সকলে খেল পথাৰত প্ৰৱেশ কৰি আন্তঃজিলা আৰ্চাৰী প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande