নগাঁও, ০৩ জানুৱাৰী (হি.স.)। ৰূপহীহাট আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আজি এজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। চাবোনৰ বাকচত লুকুৱাই থোৱা ড্ৰাগছসহ ছাইদৰিয়া অঞ্চলত আব্দুল ৰেজাক নামৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ধৃত ব্যক্তিজনে শোণিতপুৰৰ গৰুবান্ধাৰ পৰা ৰূপহীহাটত ড্ৰাগছ যোগান ধৰিবলৈ আহিছিল বুলি জানিব পৰা গৈছে। তেওঁৰ পৰা আৰক্ষীয়ে ৮.২২ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে। এই গোচৰৰ অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে অভিযুক্তক জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া