– নতুন দিল্লীত ডি আৰ ডি অ’ৰ জ্যেষ্ঠ বিজ্ঞানী আৰু বিষয়াসকলক সাক্ষাৎ কৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে
নতুন দিল্লী, ০২ জানুৱাৰী (হি.স.)। পৰিৱৰ্তিত সময়ৰ প্ৰয়োজন অনুযায়ী সামগ্ৰী প্ৰস্তুত কৰিবলৈ ডি আৰ ডি অ’ক আহ্বান জনাইছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ সশস্ত্ৰ বাহিনীক অত্যাধুনিক প্ৰযুক্তি আৰু সঁজুলিৰে সজ্জিত কৰা আৰু ব্যক্তিগত খণ্ডৰ সৈতে সহযোগিতাৰে প্ৰতিৰক্ষা খণ্ডক শক্তিশালী কৰাৰ ক্ষেত্ৰত ডি আৰ ডি অ’ৰ ভূমিকাক শলাগ লয় । ৰাজনাথ সিঙে দীৰ্ঘ দূৰত্বৰ হাইপাৰছ’নিক এণ্টি-শ্বিপ মিছাইলৰ ডিজাইন টিমকো সম্বৰ্ধনা জনায়।
ডি আৰ ডি অ’ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত বৃহস্পতিবাৰে নতুন দিল্লীত ডি আৰ ডি অ’ৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি ৰাজনাথ সিঙে কয় যে ২০২৫ চনত ‘সংস্কাৰৰ বছৰ’ হিচাপে ঘোষণা কৰা হৈছে । তেওঁ কয় যে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাত ডি আৰ ডি অ’ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। জ্যেষ্ঠ বিজ্ঞানী আৰু বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। তেওঁ বিজ্ঞানীসকলক উন্নত দেশসমূহৰ সামগ্ৰী আৰু প্ৰক্ৰিয়াসমূহৰ ওপৰত চকু ৰাখিবলৈ আৰু ডি আৰ ডি অ’ক বিশ্বৰ অন্যতম শক্তিশালী অনুসন্ধান আৰু বিকাশ সংস্থা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে নিৰ্দিষ্ট প্ৰযুক্তি বিকশিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে প্ৰতিটো ডি আৰ ডি অ’ পৰীক্ষাগাৰে ২-৩টা গুৰুত্বপূৰ্ণ প্ৰকল্প চিনাক্ত কৰি ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰা উচিত।
তেওঁ কয় যে অহা প্ৰতিষ্ঠা বৰ্ষৰ ভিতৰত আমাৰ হাতত এনে ১০০টা প্ৰকল্প থাকিব লাগে যিবোৰ সম্পূৰ্ণ হৈছে। ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি কৰিব পৰা এনে ক্ষেত্ৰ অধিক চিনাক্ত কৰিবলৈ তেওঁ আহ্বান জনায়। প্ৰতিৰক্ষা মন্ত্ৰীয়ে ডি আৰ ডি অ’ক গৱেষণা আৰু উন্নয়নৰ প্ৰচেষ্টাত ষ্টাৰ্টআপক জড়িত কৰাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ দ্বাৰা মূল্যৱান ধাৰণাৰ আদান-প্ৰদানৰ প্ৰসাৰ ঘটিব আৰু পৰিৱৰ্তিত সময়ৰ লগত খোজ মিলাবলৈ ভাৰতীয় প্ৰতিৰক্ষা খণ্ডক উদ্ভাৱনীমূলক প্ৰযুক্তিৰ সন্ধান উলিয়াবলৈ সুযোগ প্ৰদান কৰা হ’ব। ৰাজনাথ সিঙে কয় যে ডি আৰ ডি অ’ই দ্বৈত প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব দি নাগৰিকৰ জীৱনৰ লগতে প্ৰতিৰক্ষা খণ্ডতো এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে।
বৈঠকৰ সময়ত প্ৰতিৰক্ষা অনুসন্ধান আৰু বিকাশ বিভাগৰ সচিব আৰু ডি আৰ ডি অ’ৰ অধ্যক্ষ ড০ সমীৰ ভি কামাতে কয় যে আজিলৈকে ডি আৰ ডি অ’ই ভাৰতীয় উদ্যোগসমূহৰ সৈতে ২৫৬টা অনুজ্ঞাপত্ৰ চুক্তি স্বাক্ষৰ কৰিছে। ডি আৰ ডি অ’ৰ অধ্যক্ষগৰাকীয়ে কয় যে যোৱা বছৰ মিছন মোড প্ৰকল্পৰ বাবে ১৯টাতকৈও অধিক উন্নয়ন সহ-উৎপাদন অংশীদাৰ আৰু উৎপাদন সংস্থা নিৰ্বাচিত কৰা হৈছিল। ডি আৰ ডি অ’ পৰীক্ষাৰ সুবিধা উদ্যোগসমূহৰ বাবে মুকলি কৰা হৈছে আৰু যোৱা তিনি বছৰত ব্যক্তিগত উদ্যোগ আৰু ডি পি এছ ইউৰ বাবে ১৮ হাজাৰৰো অধিক পৰীক্ষা কৰা হৈছে, ২০২৪ চনত ৫ হাজাৰৰো অধিক পৰীক্ষা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া