ৰুদ্ৰপ্ৰয়াগ, ০৫ জানুৱাৰী (হি.স.)। শনিবাৰে নিশা ৰুদ্ৰপ্ৰয়াগ পোখৰী মটৰৱেৰ পৰা বদ্ৰীনাথ ঘাইপথ সংযোগী নিৰ্মাণৰত এখন দলঙত এখন টাৱাৰ ক্ৰেন ট্ৰলী ভাঙি যোৱাৰ ফলত এজন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত এতিয়াও আবদ্ধ হৈ আছে চাৰিজন শ্ৰমিক।
জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে জনোৱা মতে, নিশা প্ৰায় ০৯ বজাত ৰুদ্ৰপ্ৰয়াগ পোখৰী মটৰৱেৰ পৰা বদ্ৰিনাথ ঘাইপথ সংযোগী নিৰ্মীয়মান দলংখনৰ কাম কৰি থকা দুজন শ্ৰমিক টাৱাৰ ক্ৰেন ট্ৰলী ভাঙি খহি পৰাৰ লগতে ০৪ জন শ্ৰমিক আহত হোৱাৰ তথ্য লাভ কৰে। দলঙৰ ওপৰৰ গাৰ্ডাৰত আবদ্ধ হৈ পৰিছে। তথ্যৰ ভিত্তিত এছডিআৰএফৰ দলটোক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। য’ত এজন ব্যক্তিৰ থিতাতে মৃত্যু হয়। আন ব্যক্তিক উদ্ধাৰ কৰি জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় বাকী ০৪ জন ব্যক্তিক উলিয়াই অনাৰ কাম চলি আছে। উপৰোক্ত নিৰ্মাণ কাম (ভাৰত কনষ্ট্ৰাকচন কোম্পানীৰ হৈ হৈ আছিল)
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া