আজি প্ৰধানমন্ত্ৰীয়ে দিল্লীবাসীলৈ আগবঢ়াব ১২,২০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উপহাৰ
নতুন দিল্লী, ০৫ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেওবাৰে দিল্লীত ৰে’ল, মেট্ৰ’ আৰু স্বাস্থ্যখণ্ডৰ সৈতে জড়িত ১২,২০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ইতিমধ্য়
প্ৰধানমন্ত্ৰী


নতুন দিল্লী, ০৫ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেওবাৰে দিল্লীত ৰে’ল, মেট্ৰ’ আৰু স্বাস্থ্যখণ্ডৰ সৈতে জড়িত ১২,২০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ইতিমধ্য়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৫ জানুৱাৰীত দিনৰ প্ৰায় ১২:১৫ বজাত দিল্লীত ১২,২০০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১১ বজাত গাজিয়াবাদ জিলাৰ সাহিবাবাদ আৰ আৰ টি এছ ষ্টেচনৰ পৰা দিল্লীৰ নিউ অশোক নগৰ আৰ আৰ টি এছ ষ্টেচনলৈ নমো ভাৰত ৰে’লত যাত্ৰা কৰিব। প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’বলগীয়া সাহিবাবাদ আৰু নতুন অশোক নগৰৰ মাজৰ দিল্লী-গাজিয়াবাদ-মেৰঠ নমো ভাৰত কৰিডৰৰ ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ উদ্বোধন কৰিব, যাৰ বাবে প্ৰায় খৰচ হ’ব ৪৬০০ কোটি টকা। এই উদ্বোধনী অনুষ্ঠানৰ লগে লগে দিল্লীয়ে প্ৰথমবাৰৰ বাবে নামো ভাৰত সংযোগ লাভ কৰিব। ইয়াৰ ফলত দিল্লী-মীৰুটৰ মাজত যাতায়ত বহুত সহজ হ’ব আৰু লাখ লাখ লোকে অতুলনীয় সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতাৰ লগতে দ্ৰুত আৰু আৰামদায়ক ভ্ৰমণৰ দ্বাৰা উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১২০০ কোটি টকা ব্যয় সাপেক্ষে জনকপুৰী আৰু কৃষ্ণ পাৰ্কৰ মাজৰ দিল্লী মেট্ৰ’ ফেজ-৪ৰ ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশটোও উদ্বোধন কৰিব। এইটোৱেই হ’ব দিল্লী মেট্ৰ’ ফেজ-৪ৰ প্ৰথমটো খণ্ড উদ্বোধন হ’ব। ইয়াৰ দ্বাৰা কৃষ্ণ উদ্যান, বিকাশপুৰী, জনকপুৰীৰ কিছু অংশ আৰু পশ্চিম দিল্লীৰ অন্যান্য অঞ্চল উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে দিল্লী মেট্ৰ’ ফেজ-৪ৰ ২৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিথালা-কুণ্ডলী অংশৰ আধাৰশিলা স্থাপন কৰিব, যাৰ বাবে প্ৰায় ৬,২৩০ কোটি টকা ব্যয় হ’ব। এই কৰিড’ৰে দিল্লীৰ ৰিথালাক হাৰিয়ানাৰ নাথুপুৰ (কুণ্ডলী)ৰ সৈতে সংযোগ কৰিব, যাৰ ফলত দিল্লী আৰু হাৰিয়ানাৰ উত্তৰ-পশ্চিম অঞ্চলৰ সংযোগ ক্ষমতা যথেষ্ট উন্নত হ’ব। ইয়াৰ দ্বাৰা উপকৃত হ’বলগীয়া প্ৰধান ক্ষেত্ৰসমূহৰ ভিতৰত ৰোহিনী, বাৱানা, নাৰেলা আৰু কুণ্ডলী আদিয়ে আৱাসিক, বাণিজ্যিক আৰু উদ্যোগিক অঞ্চলসমূহৰ সুলভতা বৃদ্ধি কৰিব। কাৰ্যক্ষম হ’লে বৰ্ধিত ৰেড লাইনৰ জৰিয়তে দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ ভ্ৰমণৰ সুবিধা হ’ব।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ৰোহিনীত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ নতুন অত্যাধুনিক ভৱনৰ আধাৰশিলা স্থাপন কৰিব, যিটো প্ৰায় ১৮৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব বুলি ইতিমধ্য়ে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে বিবৃতিত উল্লেখ কৰা হৈছে। এই কমপ্লেক্সত অত্যাধুনিক স্বাস্থ্যসেৱা আৰু চিকিৎসা আন্তঃগাঁথনিৰ ব্যৱস্থা কৰা হ’ব। নতুন ভৱনটোত প্ৰশাসনিক ব্লক, অ’পিডি ব্লক, আইপিডি ব্লক আৰু এটা নিৰ্দিষ্ট চিকিৎসা ব্লক থাকিব, যিয়ে ৰোগী আৰু গৱেষক উভয়ৰে বাবে এক সংহত আৰু নিৰৱচ্ছিন্ন স্বাস্থ্যসেৱাৰ অভিজ্ঞতা নিশ্চিত কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande