নাৰায়ণপুৰ/দান্তেৱাদা, ০৫ জানুৱাৰী (হি.স.)। ছত্তীশগড়ৰ দক্ষিণ আবুঝামদত নক্সালবাদীৰ সৈতে চলি থকা মুখামুখিত শ্বহীদ হ’ল দান্তেৱাড়া ডি আৰ জিৰ মুৰব্বী কনিষ্টবল ছান্নু কৰম। এই পৰ্যন্ত অনুসন্ধান অভিযানৰ সময়ত চাৰিজন ইউনিফৰ্ম পৰিহিত নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰিও এ কে-৪৭, এছএলআৰ আদি স্বয়ংক্ৰিয় অস্ত্ৰও উদ্ধাৰ কৰা হৈছে।
দন্তেৱাড়া আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে জনোৱা মতে, যোৱা ৩ জানুৱাৰীত নক্সাল বিৰোধী তালাচী অভিযানৰ অংশ হিচাপে এছটিএফৰ এটা যুটীয়া দলে কোন্দাগাঁও জিলাৰ জগদলপুৰৰ নাৰায়ণপুৰ, দান্তেৱাড়া, জগদলপুৰৰ ডি আৰ জিৰ সৈতে এছটিএফৰ এটা যুটীয়া দল আবুঝমদলৈ ৰাওনা হৈছিল। নক্সালবাদীৰ উপস্থিতিৰ পৰিপ্ৰেক্ষিতত ৪ জানুৱাৰীৰ সন্ধিয়াৰ পৰা নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত মাজে মাজে সংঘৰ্ষ চলি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া