ইউ এছ অ’পেন: ফাইনেলত জেনিক চিনাৰৰ মুখামুখি হ’ব টেইলৰ ফ্ৰিটজ
নিউয়ৰ্ক, ০৭ ছেপ্টেম্বৰ (হি.স.)। ইউ এছ অ’পেন ২০২৪ৰ ছেমি ফাইনেলত শুকুৰবাৰে স্বদেশৰ ফ্ৰান্সিছ টিয়াফ’ক পৰাস্ত কৰি খিতাপৰ মেচখনত স্থান লাভ কৰে টেইলৰ ফ্ৰিটজে। কাইলৈ দেওবাৰে ফ্ৰিটজে শীৰ্ষ বাছনিৰ ইটালীৰ জেনিক চিনাৰৰ বিৰুদ্ধে খেলিব । এই জয়ৰ জৰিয়তে ফ্ৰিটজ
ফ্ৰান্সিছ টিয়াফোক পৰাস্ত কৰি উদযাপন কৰি থকা টেইলৰ ফ্ৰিটজে


নিউয়ৰ্ক, ০৭ ছেপ্টেম্বৰ (হি.স.)। ইউ এছ অ’পেন ২০২৪ৰ ছেমি ফাইনেলত শুকুৰবাৰে স্বদেশৰ ফ্ৰান্সিছ টিয়াফ’ক পৰাস্ত কৰি খিতাপৰ মেচখনত স্থান লাভ কৰে টেইলৰ ফ্ৰিটজে। কাইলৈ দেওবাৰে ফ্ৰিটজে শীৰ্ষ বাছনিৰ ইটালীৰ জেনিক চিনাৰৰ বিৰুদ্ধে খেলিব । এই জয়ৰ জৰিয়তে ফ্ৰিটজে ১৫ বছৰৰ ভিতৰত গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন আমেৰিকান খেলুৱৈও হিচাপে পৰিগণিত হয়।

বিশ্বৰ ১২ নম্বৰ স্থানত থকা ফ্ৰিটজে ৪-৬, ৭-৫, ৪-৬, ৬-৪, ৬-১ ব্য়ৱধানত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে শুকুৰবাৰে আৰ্থাৰ এছ ষ্টেডিয়ামত আৰ্দ্ৰ পৰিস্থিতি অতিক্ৰম কৰি ব্ৰিটেইনৰ জেক ড্ৰেপাৰক ৭-৫, ৭-৬(৩), ৬-২ ব্য়ৱধানত পৰাস্ত কৰি ইউ এছ অ’পেন ২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰে।

দ্বিতীয় ছেটত পৰ্ যোৱাৰ বাবে ছিনাৰে হাতৰ কিলাকুটিত আঘাত পাইছিল যদিও তেওঁ নিজৰ স্থিৰতা বজাই ৰাখি ফাইনেলত প্ৰৱেশ কৰে।

অৱশ্যে ড্ৰেপাৰৰ বাবে পৰিৱেশ অনুকূল নহ’ল, তেওঁ দ্বিতীয় ছেটত তিনিবাৰকৈ বমি কৰি গৰম আৰু আৰ্দ্ৰতাৰ সৈতে যুঁজিছিল। আনকি ১০টা ডাবল ফল্টেও ২২ বছৰীয়া খেলুৱৈগৰাকীক প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰিব নোৱাৰিলে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande