টেবুল টেনিছ: ছান ইংছা, লিন শ্বিডঙে ডব্লিউ টি টি চেম্পিয়নছ মাকাউৰ খিতাপ অৰ্জন
মাকাউ, ১৬ ছেপ্টেম্বৰ (হি.স.)। বিশ্ব টেবুল টেনিছ (ডব্লিউ টি টি) চেম্পিয়ন মাকাউ ২০২৪ প্ৰতিযোগিতা খনৰ দেওবাৰে অনুষ্ঠিত চূড়ান্ত খেলত ক্ৰমে মহিলা আৰু পুৰুষৰ খিতাপ দখল কৰে চীনৰ ছান ইংছা আৰু লিন শ্বিডঙে। টেবুল টেনিছ অনুৰাগীৰ মাজত ছাছা নামেৰেও পৰিচিত ছানে
চীনৰ টেবুল টেনিছ খেলুৱৈ ছান ইংছা


মাকাউ, ১৬ ছেপ্টেম্বৰ (হি.স.)। বিশ্ব টেবুল টেনিছ (ডব্লিউ টি টি) চেম্পিয়ন মাকাউ ২০২৪ প্ৰতিযোগিতা খনৰ দেওবাৰে অনুষ্ঠিত চূড়ান্ত খেলত ক্ৰমে মহিলা আৰু পুৰুষৰ খিতাপ দখল কৰে চীনৰ ছান ইংছা আৰু লিন শ্বিডঙে।

টেবুল টেনিছ অনুৰাগীৰ মাজত ছাছা নামেৰেও পৰিচিত ছানে দেশবাসী ৱাং য়িডিৰ বিৰুদ্ধে ৪-২থ জয়লাভ কৰি ২০২৪ চনৰ তৃতীয়টো ডব্লিউ টি টি চেম্পিয়নছ ট্ৰফী তুলি । ইয়াৰ উপৰিও ই আছিল ছানৰ পঞ্চমটো ডব্লিউ টি টি চেম্পিয়নছ খিতাপ।

সংবাদমেলৰ সময়ত ছানে কয় যে পৰৱৰ্তী অলিম্পিক চক্ৰৰ বাবে ই এক সুন্দৰ আৰম্ভণি আৰু প্ৰতিখন মেচৰ লগে লগে তেওঁৰ ফৰ্মৰ যথেষ্ট উন্নতি হৈছে।

অহা চাৰি বছৰত বহু পৰিৱৰ্তন আৰু প্ৰতিযোগিতা হ’ব যদিও প্ৰথমবাৰৰ বাবে চেম্পিয়নশ্বিপ লাভ কৰি মই অতি সুখী, যিয়ে মোক বহুত আত্মবিশ্বাস প্ৰদান কৰিছে।

ইফালে লিনে জাৰ্মানীৰ কিউ ডাঙক ৪-০ ত পৰাস্ত কৰি প্ৰথমটো ডব্লিউ টি টি চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে। খেলখনৰ অন্তত ১৯ বছৰীয়া খেলুৱৈগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ প্ৰদৰ্শনে আশা কৰাতকৈও অধিক প্ৰদৰ্শন কৰিছে।

শনিবাৰে জাপানৰ মিৱা হাৰিমোটোৰ বিৰুদ্ধে ৪-২ ত জয়লাভ কৰি ছানে ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে লিনে ছেমি ফাইনেলত বিশ্বৰ ১ নং ৱাং চুকিনক ৪-১ ব্যৱধানত পৰাস্ত কৰে।

ছান আৰু লিনে কয় যে তেওঁলোকে আগন্তুক চাইনা স্মাছ ২০২৪ৰ বাবে আগ্ৰহেৰে বাট চাই আছে, যিটো ২৬ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰলৈকে বেইজিঙত অনুষ্ঠিত হ’ব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande