আই চি চি মহিলা টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশ দল ঘোষণা, অধিনায়ক হ’ব নিগাৰ চুলতানা
ঢাকা, ১৮ ছেপ্টেম্বৰ (হি.স.)। মহিলা টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে উইকেটকীপাৰ বেটছমেন নিগাৰ চুলতানা জোতিৰ নেতৃত্বত ১৫ জনীয়া দল ঘোষণা কৰিছে। ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ। আগন্তুক
বাংলাদেশৰ উইকেটকীপাৰ-বেটছমেন নিগাৰ চুলতানা


ঢাকা, ১৮ ছেপ্টেম্বৰ (হি.স.)। মহিলা টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে উইকেটকীপাৰ বেটছমেন নিগাৰ চুলতানা জোতিৰ নেতৃত্বত ১৫ জনীয়া দল ঘোষণা কৰিছে। ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ।

আগন্তুক গ্লোবেল ইভেণ্টৰ বাবে বাংলাদেশৰ দলটোৱে জুলাই মাহত মহিলা এছিয়া কাপৰ বাবে খেলা দলটোৰ পৰা কিছু পৰিৱৰ্তন সাধন কৰিছে। লেগ স্পিনাৰ ফাহিমা খাতুন আৰু বেটছমেন সোভানা মষ্টেৰী দললৈ ঘূৰি অহাৰ বিপৰীতে টপ অৰ্ডাৰ আনকেপড বেটছমেন তাজ নেহৰ, অ’পেনিং বেটছমেন শতি ৰাণী আৰু অল ৰাউণ্ডাৰ দিশা বিশ্বাসকো ১৫ জনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে।

বাংলাদেশ দলত অল ৰাউণ্ডাৰ ৰুমানা আহমেদ, বাওঁহাতৰ বেটছমেন ৰুবিয়া হাইদৰ ঝেলিক, অলৰাউণ্ডাৰ শ্বোৰিফা খাটুন, অ’পেনিং বেটছমেন ইছমা তানজিম আৰু বাওঁহাতৰ স্পিনাৰ ছাবিকুন নাহৰ জেচমিনক বাংলাদেশ দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই। ‘এ’ দলীয় ভ্ৰমণৰ অংশ হিচাপে নিগাৰ, ফাহিমা, ৰাবেয়া খান, শোৰ্না আখতাৰ, দিলাৰা আখতাৰ, জাহানাৰা আলম, মাৰুফা আখতাৰকে ধৰি বাংলাদেশৰ একাংশ খেলুৱৈ শ্ৰীলংকাত আছে।

২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপ এছিয়ান দেশখনৰ ৰাজনৈতিক অস্থিৰতা আৰু নিৰাপত্তাজনিত উদ্বিগ্নতাৰ ষবাবেই যোৱা ২০ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বাংলাদেশৰ পৰা ইউ এ ইলৈ স্থানান্তৰিত কৰিছিল।

বাংলাদেশ দলটোক ২০০৯ চনৰ চেম্পিয়ন ইংলেণ্ড, ২০১৬ চনৰ বিজয়ী ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা আৰু স্কটলেণ্ডৰ সৈতে নৱম সংস্কৰণৰ বাবে গ্ৰুপ বিত ৰখা হৈছে। বাংলাদেশে ৩ অক্টোবৰত শ্বাৰজাহত স্কটলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পিছত ৫ অক্টোবৰত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব।

প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ক্ৰমে ১৭ আৰু ১৮ অক্টোবৰত ডুবাই আৰু শ্বাৰজাহত অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলত প্ৰৱেশ কৰিব আৰু তাৰ পিছত ২০ অক্টোবৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফাইনেল। ছেমি ফাইনেল আৰু ফাইনেল দুয়োটা খেলৰ বাবে এটা ৰিজাৰ্ভ ডে’ আবণ্টন দিয়া হৈছে।

বাংলাদেশৰ দলটো তলত দিয়া ধৰণৰ:

নিগাৰ চুলতানা জোটি (অধিনায়ক), নাহিদা আখতাৰ, মুৰ্ছিদা খাতুন, শোৰ্না আখতাৰ, ঋতু মনি, সোভানা মোষ্টাৰী, ৰাবেয়া খান, চুলতনা খাতুন, ফাহিমা খাতুন, মৰুফা আখতাৰ, জাহানাৰা আলম, দিলাৰা আখতাৰ, তাজ নেহৰ, শতি ৰাণী আৰু দিশা বিশ্বাস।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande