তেজপুৰৰ পলফিল্ডত আৰম্ভ ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা
চাঞ্জাৰাং বিজয়ীঃ ভলীবল আৰু বক্সিঙৰ দুই উদীয়মান খেলুৱৈলৈ উদগনি বঁটা,মহিলা ফুটবল দলক সম্বৰ্ধনা শোণিতপুৰ,১৭ ছেপ্টেম্বৰ (হি.স.)। এক উছৱমুখৰ পৰিৱেশত বুধবাৰৰ পৰা তেজপুৰৰ পলফিল্ডত আৰম্ভ হৈছে ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা ৷ উদ
তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভঃ


তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভঃ


তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভঃ


তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভঃ


তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভঃ


তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভঃ


তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভঃ


তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভঃ


চাঞ্জাৰাং বিজয়ীঃ ভলীবল আৰু বক্সিঙৰ দুই উদীয়মান খেলুৱৈলৈ উদগনি বঁটা,মহিলা ফুটবল দলক সম্বৰ্ধনা

শোণিতপুৰ,১৭ ছেপ্টেম্বৰ (হি.স.)। এক উছৱমুখৰ পৰিৱেশত বুধবাৰৰ পৰা তেজপুৰৰ পলফিল্ডত আৰম্ভ হৈছে ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা ৷ উদ্বোধনী খেলখনত অংশ লৈ তেজপুৰ আৰু চাৰিদুৱাৰৰ চানজাৰাং এফ চিয়ে প্ৰতিপক্ষ মৰিগাঁৱৰ নৱজ্যোতি ক্লাৱক ২-১গ’লৰ ব্যৱধানত পৰাভূত কৰে ৷

উল্লেখযোগ্য যে,খেলখনৰ বিৰতিলৈকে দুয়োটা দলে একোটা গ’ল কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰথম অৱস্থাত মৰিগাঁৱৰ নৱজ্যোতি ক্লাৱে অগ্ৰগতি লাভ কৰিলেও চানজাৰঙে লাভ কৰা পেনাল্টিৰ সহায়ত সমতা স্থাপন কৰিবলৈ সক্ষম হয় আৰু দ্বিতীয়াৰ্দ্ধত ছানজাৰাঙে আন এটা গ’লৰে বিজয় সাব্যস্ত কৰে । উল্লেখযোগ্য যে,প্ৰতিযোগিতাখনৰ আৰম্ভনিতে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰে জিলাক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰাৰ পিছতে ক্ৰীড়া সন্থাটোৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ আৰু ৰঙাপৰাৰ প্ৰাক্তন বিধায়ক,ফুটবলৰ সুদক্ষ ৰেফাৰী, ক্ৰীড়া সংগঠক প্ৰয়াত ৰাজেন বৰঠাকুৰ, প্ৰয়াত ক্ৰীড়াবিদ প্ৰেম ডেকা আৰু তাৰিণী ভূঞালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে প্ৰয়াত বৰঠাকুৰৰ সহধৰ্মিনী মনিষা বৰঠাকুৰ আৰু প্ৰয়াত ক্ৰীড়াবিদ প্ৰেম ডেকাৰ সহধৰ্মিনী পুস্পা ডেকাই ৷

উল্লেখযোগ্য যে,মুখ্য অতিথি,বিশিষ্ট অতিথি হিচাপে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত অংশ লোৱা সাংসদ ৰঞ্জিত দত্ত,বিধায়ক পৃথ্বীৰাজ ৰাভা, অসম অলিম্পিক সন্থাৰ উপ সভাপতি ঋতুবৰণ শৰ্মা, শোণিতপুৰৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা ক্ৰীড়াবিষয়াৰ স’তে খেলুৱৈ সকলক পৰিচয় কৰি দিয়াৰ পিছতে খেলৰ আৰম্ভণি হয় ৷ আনহাতে এই অনুষ্ঠানতে আন্তঃবিদ্যালয় ভলিবল আৰু বক্সিঙত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা দুজন উদীয়মান প্ৰতিভাশালী খেলুৱৈ ভলীবলৰ ৰীতিন বড়ো আৰু ইকবাল হুছেইনক ডা° আনন্দ শৰ্মা সোঁৱৰণি উদ্গনি ক্ৰীড়া বঁটা হিচাপে দুয়োলৈকে ২৫হেজাৰকৈ টকা আগবঢ়াই প্ৰয়াত শৰ্মাৰ সহধৰ্মিনী মিনু দেৱীয়ে ৷

আনহাতে তেজপুৰৰ মহিলা ফুটবল দলটোৰ লগতে প্ৰশিক্ষক আকুম আওৰ লগতে দলটোৰ কৰ্মকৰ্তা সকলক তেজপুৰ জিলা ক্ৰীড়া সন্হাই সম্বৰ্ধনা জ্ঞাপন কৰে৷তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাখনৰ কাইলৈ কোনো খেল নাই আৰু ২০ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ ধাৰাবাহিক ভাবে খেলসমূহ অনুষ্ঠিত হ’ব ৷

উল্লেখযোগ্য যে,প্ৰতিযোগিতাখনৰ চূড়ান্ত বিজয়ী আৰু বিজিত দলে তাৰিণী ভূঞা সোঁৱৰণি নগদ একলাখ টকা আৰু ৫০হেজাৰ টকা, প্ৰতিখন খেলৰ শ্ৰেষ্ঠ খেলুৱৈয়ে প্ৰেম ডেকা সোঁৱৰণি বঁটা, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠতম খেলুৱৈয়ে অৰুন্ধতী কটকী সোঁৱৰণি বঁটা আৰু শ্ৰেষ্ঠ গলদাঁতাই জয়া বৰঠাকুৰ বঁটা লাভ কৰিব ৷ উল্লেখযোগ্য যে, আজিৰ খেলখনত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে চাঞ্জাৰাং এফচিৰ দেৱজিৎ হৰই প্ৰেম ডেকা সোঁৱৰণি বঁটা অৰ্জন কৰে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande