এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৪ৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দল, চীনৰ বিৰুদ্ধে খিতাপৰ যুঁজ
হুলুনবুইৰ, ১৬ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় পুৰুষৰ হকী দলটোৱে এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছে । সোমবাৰে ভাৰতীয় দলটোৱে দ্বিতীয়খন ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰে । এই খেলখনত ভাৰতৰ হৈ উত্তম সিং (১৩ মিনিট), অধিনায়ক হৰ
ভাৰতীয় দল


হুলুনবুইৰ, ১৬ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় পুৰুষৰ হকী দলটোৱে এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছে । সোমবাৰে ভাৰতীয় দলটোৱে দ্বিতীয়খন ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰে । এই খেলখনত ভাৰতৰ হৈ উত্তম সিং (১৩ মিনিট), অধিনায়ক হৰমনপ্ৰীত সিং (১৯, ৪৫ মিনিট) আৰু জৰ্মানপ্ৰীত সিঙে (৩২ মিনিট) গ’ল দিয়াৰ বিপৰীতে দক্ষিণ কোৰিয়াৰ একমাত্ৰ গ’লটো জিহুন ইয়াঙে (৩৩ মিনিট) দিয়ে। এতিয়া ভাৰতীয় দলটোৱে মঙলবাৰে ফাইনেলত আয়োজক চীনৰ বিৰুদ্ধে খেলিব। প্ৰথমখন ছেমি ফাইনেল মেচত পাকিস্তানক পৰাস্ত কৰি খিতাপৰ মেচত প্ৰৱেশ কৰিছে চীনে।

মেচখনত ভাৰতীয় দলটোৱে প্ৰথম কোৱাৰ্টাৰৰ পৰাই দক্ষিণ কোৰিয়াৰ ওপৰত আধিপত্য বিস্তাৰ কৰা দেখা গৈছিল। ১৩ মিনিটত উত্তম সিঙে এটা গ’ল দি ভাৰতীয় দলক ১-০ গ’লত অগ্ৰগতি লাভ কৰে। দ্বিতীয় কোৱাৰ্টাৰতো ভাৰতীয় দলৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত থাকে। ১৯ মিনিটত অধিনায়ক হৰমনপ্ৰীত সিঙে এটা গ’ল দি ভাৰতীয় দলৰ অগ্ৰগতি ২-০লৈ বৃদ্ধি কৰে। প্ৰথমাৰ্ধলৈকে ২-০ গ’লত আগবাঢ়ি আছিল ভাৰতীয় দল। তৃতীয় কোৱাৰ্টাৰতো দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ভাৰতীয় হকী দলটোৱে অগ্ৰগতি বজাই ৰাখিছিল। ৩২ মিনিটত জৰ্মানপ্ৰীত সিঙে এক উজ্জ্বল গ’ল দি ভাৰতীয় দলৰ অগ্ৰগতি ৩-০লৈ বৃদ্ধি কৰে। অৱশ্যে তাৰ পিছৰ মিনিটতে দক্ষিণ কোৰিয়াই পুনৰ উভতি আহি এটা গ’ল দিয়ে। ৩৩ মিনিটত জিহুন ইয়াঙে গ’ল দি স্ক’ৰ ৩-১ কৰে। তৃতীয় কোৱাৰ্টাৰ শেষ হোৱাৰ পূৰ্বেই ভাৰতে পেনাল্টি কৰ্ণাৰ লাভ কৰে, যাৰ সুযোগ লৈ ভাৰতীয় অধিনায়ক হৰমনপ্ৰীতে এই মেচখনৰ দ্বিতীয়টো গ’ল দিয়ে। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ৪-১ গ’লত অগ্ৰগতি লাভ কৰে।

চতুৰ্থ আৰু অন্তিম কোৱাৰ্টাৰত দক্ষিণ কোৰিয়াই প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছিল যদিও ভাৰতীয় খেলুৱৈসকলে প্ৰতিটো প্ৰচেষ্টা বিফল কৰিছিল। কোৰিয়াইও শেষ মুহূৰ্তত পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল যদিও ইয়াক গ’ললৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে। এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ৪-১ গ’লত জয়লাভ কৰি ভাৰতে নিজৰ স্থান নিশ্চিত কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande