ফুটবল খেল বাতিল হোৱাৰ পিছত আমষ্টাৰডামত সংঘৰ্ষত গ্ৰেপ্তাৰ আজাক্সৰ ৮ জন অনুৰাগী
হেগ, ১৬ ছেপ্টেম্বৰ (হি.স.)। ডাচ আৰক্ষীয়ে দেওবাৰে আমষ্টাৰডামত আজাক্সৰ ৮ জন অনুৰাগীক গ্ৰেপ্তাৰ কৰে, কাৰণ আৰক্ষীৰ ধৰ্মঘটৰ বাবে আজাক্স আৰু এফ চি উট্ৰেখ্টৰ মাজত অনুষ্ঠিত হোৱা এৰেডিভিছি ফুটবল প্ৰতিযোগিতাখন বাতিল হোৱাৰ পিছত সংঘৰ্ষ সংঘটিত হয়। ছিনহুয়াই প্
মেচ বাতিল হোৱাৰ পিছত আমষ্টাৰডামত হুলস্থুলৰ সৃষ্টি কৰা আজাক্সৰ অনুৰাগী


হেগ, ১৬ ছেপ্টেম্বৰ (হি.স.)। ডাচ আৰক্ষীয়ে দেওবাৰে আমষ্টাৰডামত আজাক্সৰ ৮ জন অনুৰাগীক গ্ৰেপ্তাৰ কৰে, কাৰণ আৰক্ষীৰ ধৰ্মঘটৰ বাবে আজাক্স আৰু এফ চি উট্ৰেখ্টৰ মাজত অনুষ্ঠিত হোৱা এৰেডিভিছি ফুটবল প্ৰতিযোগিতাখন বাতিল হোৱাৰ পিছত সংঘৰ্ষ সংঘটিত হয়।

ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি চহৰৰ মাজমজিয়াত অনুৰাগীসকলে সমবেত হৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ ক্ষতিসাধন কৰাৰ লগতে আৰক্ষীৰ বাহনসমূহ ক্ষতিগ্ৰস্ত কৰে য। এই সংঘৰ্ষ অব্যাহত থকাৰ পিছতে মোতায়েন কৰা হয় সংঘৰ্ষ ৰোধী আৰক্ষী বাহিনী।

আৰক্ষীৰ ধৰ্মঘটৰ প্ৰতিবাদত প্ৰথমে মধ্য আমষ্টাৰডামৰ ৰাজহুৱা চৌহদ লেইডচেপ্লিনত দাঙ্গাকাৰীয়ে সমবেত হয়, যাৰ ফলত আজাক্সে একেৰাহে দ্বিতীয়টো দেওবাৰৰ বাবে লীগ মেচত অংশ ল’ব নোৱাৰিলে।

আজাক্স বনাম এফ চি উট্ৰেখ্টৰ মেচখন বাতিল কৰা হয় কাৰণ নিৰাপত্তা প্ৰদানৰ বাবে কোনো আৰক্ষী উপলব্ধ নাছিল, আৰক্ষী বিষয়াসকলে প্ৰতিবাদ কৰিছিল আৰু আগতীয়া অৱসৰৰ সুবিধাৰ বাবে ধৰ্মঘট কৰিছিল। দুসপ্তাহ পূৰ্বে আন এখন এৰেডিভিচি মেচ, ৰটাৰডেমত ফেইন’ৰ্ড বনাম আজাক্সো চলি থকা আৰক্ষীৰ ধৰ্মঘটৰ বাবে বাতিল কৰা হৈছিল।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande