মহাকাশত থাকিল সুনীতা উইলিয়ামছ , সংগী উইলম’ৰক লৈ নিৰাপদে উভতি আহিল ষ্টাৰলাইনাৰ
ৱাশ্বিংটন, ছেপ্টেম্বৰ ০৭ (হি.স.)। মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুশ্ব উইলম’ৰক মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই অনা মহাকাশযান ষ্টাৰলাইনাৰ-১ তিনি মাহৰ অন্তত শনিবাৰে পৃথিৱীলৈ উভতি আহে। তেওঁ নিৰাপদে অৱতৰণ কৰিলে। এই মহাকাশযানখন ভাৰতৰ সময় অনুসৰি পুৱ
নাছাই প্ৰকাশ কৰিছে যে মহাকাশযান ষ্টাৰলাইনাৰ-১ৰ অৱতৰণ নিৰাপদ আছিল। ফটো-নাছা


ৱাশ্বিংটন, ছেপ্টেম্বৰ ০৭ (হি.স.)। মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুশ্ব উইলম’ৰক মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই অনা মহাকাশযান ষ্টাৰলাইনাৰ-১ তিনি মাহৰ অন্তত শনিবাৰে পৃথিৱীলৈ উভতি আহে। তেওঁ নিৰাপদে অৱতৰণ কৰিলে। এই মহাকাশযানখন ভাৰতৰ সময় অনুসৰি পুৱা ৩:৩০ বজাত উপস্থিত হয়। ই নিউ মেক্সিকোৰ হোৱাইট ছেণ্ড স্পেচ হাৰ্বাৰ (মৰুভূমি)ত নিৰাপদে অৱতৰণ কৰে। ইফালে মহাকাশতে আছে আমেৰিকান-ভাৰতীয় নাগৰিক সুনীতা উইলিয়ামছ।

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই প্ৰকাশ কৰা অনুসৰি পুৱা ৯.১৫ বজাত এই মহাকাশ যানখন পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে। ইয়াৰ পিছত ইয়াৰ গতি প্ৰায় ২,৭৩৫ কিলোমিটাৰ হ’ল। অৱতৰণৰ মাত্ৰ তিনি মিনিট পূৰ্বে মহাকাশযানখনৰ তিনিটা পেৰাচুটো নিৰাপত্তাৰ বাবে মুকলি হয়। বয়িং কোম্পানীয়ে নাছাৰ বাবে এই মহাকাশযান নিৰ্মাণ কৰিছে। ৫ জুনত সুনীতা আৰু বুশ্বক আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ পঠিওৱা হৈছিল। এয়া মাত্ৰ আঠ দিনীয়া মিছন আছিল। কাৰিকৰী ত্ৰুটিৰ বাবে ইয়াত সময় লাগিছিল, কাৰিকৰী কাৰণৰ তদন্ত কৰা হ’ব।

কাৰিকৰী সমস্যা আৰু মহাকাশযানখনত হিলিয়াম গেছ নিৰ্গত হোৱাৰ তথ্য পোহৰলৈ আহিছে। নাছাই ২৪ আগষ্টত কৈছিল যে ষ্টাৰলাইনাৰত সুৰক্ষাজনিত সমস্যাৰ বাবে বুশ্ব আৰু সুনীতাক পৃথিৱীলৈ ঘূৰাই অনা নহ’ব। মহাকাশযানখন খালী হৈ উভতি আহিব। সুনিতা আৰু বুশ্বক ঘূৰাই আনিব ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ক্ৰু ড্ৰেগন মহাকাশযানে।

আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নাছাই পুৱা ১১ বজাত ষ্টাৰলাইনাৰৰ উভতি অহা আৰু ইয়াৰ সৈতে জড়িত শেহতীয়া আপডেট সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে। তাত বয়িঙৰ কোনো প্ৰতিনিধি নাছিল। নাছাৰ মেনেজাৰ ষ্টিভ ষ্টিচে কয় যে ষ্টাৰলাইনাৰে সুৰক্ষিত লেণ্ডিং কৰিলে। আমি তদন্তৰ বাবে প্ৰেৰণ কৰিছো। মহাকাশযানখনৰ বিসংগতি কিহৰ বাবে আমি অতি সোনকালে ক’ম। নাছা আৰু বয়িঙৰ মাজত সমস্যা থাকিলেও দুয়োজনে যৌথভাৱে ষ্টাৰলাইনাৰৰ তদন্ত কৰিব।

মহাকাশ কেন্দ্ৰত উপস্থিত সুনীতা উইলিয়ামছে ষ্টাৰলাইনাৰৰ নিৰাপদ অৱতৰণৰ পিছত আনন্দ প্ৰকাশ কৰে। দলটোক প্ৰশংসা কৰি তেওঁ কয় যে আপোনালোক উৎকৃষ্ট। লেণ্ডিং কমাণ্ডাৰ লৰেন ব্ৰেংকিয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে ষ্টাৰলাইনাৰখন নিৰাপদে ঘৰলৈ উভতি আহিছে। কি যে দৰ্শনীয় লেণ্ডিং কৰিলে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande