বাংলাদেশত দুজন প্ৰাক্তন মন্ত্ৰীকে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
ঢাকা, ১৬ ছেপ্টেম্বৰ (হি.স.)। বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশ আৱামি লীগৰ নেতাক গ্ৰেপ্তাৰ অব্যাহত আছে। ঢাকা মহানগৰ আৰক্ষীৰ চোৰাং চোৱা শাখাই যোৱা নিশা ৰাজধানীত গ্ৰেপ্তাৰ কৰে প্ৰাক্তন সংস্কৃতি মন্ত্ৰী আছাদুজ্জামান নূৰ আৰু অসামৰিক বিমান প
প্ৰাক্তন সাংস্কৃতিক মন্ত্ৰী আছাদুজ্জামান নূৰ আৰু অসামৰিক বিমান পৰিবহণ আৰু পৰ্যটন বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী মেহবুব আলী। ফটো-ইণ্টাৰনেট মিডিয়া


ঢাকা, ১৬ ছেপ্টেম্বৰ (হি.স.)। বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশ আৱামি লীগৰ নেতাক গ্ৰেপ্তাৰ অব্যাহত আছে। ঢাকা মহানগৰ আৰক্ষীৰ চোৰাং চোৱা শাখাই যোৱা নিশা ৰাজধানীত গ্ৰেপ্তাৰ কৰে প্ৰাক্তন সংস্কৃতি মন্ত্ৰী আছাদুজ্জামান নূৰ আৰু অসামৰিক বিমান পৰিবহণ আৰু পৰ্যটন বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী মাহবুব আলীক।

ঢাকাৰ পৰা প্ৰকাশিত বাংলা কাকত (ইংৰাজী সংস্কৰণ) প্ৰথম আলোৰ খবৰ অনুসৰি দেওবাৰে নিশা বেইলী ৰোডৰ পৰা আছাদুজ্জামান নূৰ আৰু ছেগুনবাগিচা অঞ্চলৰ পৰা মেহবুবক গ্ৰেপ্তাৰ কৰা হয়।

অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰেজাউল কৰিম মালিকে জনোৱা মতে, মিৰপুৰ থানাত ৰুজু হোৱা হত্যাকাণ্ডৰ গোচৰত নিশা প্ৰায় ১১ বজাত আছাদুজ্জামান নূৰক গ্ৰেপ্তাৰ কৰা হয়। আজি তেওঁক আদালতত হাজিৰ কৰা হ’ব। উল্লেখযোগ্য যে ২০০১ চনৰ পৰা আছাদুজ্জামানে সংসদত আৱামি লীগক প্ৰতিনিধিত্ব কৰিছিল। শেহতীয়াকৈ দ্বাদশ সংসদীয় নিৰ্বাচনত তেওঁ নীলফামাৰী-২ৰ সংসদ সদস্য হিচাপে নিৰ্বাচিত হয়। ২০১৪ চনত নূৰে সাংস্কৃতিক মন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰে। মেহবুব আলীয়ে ২০১৪ আৰু ২০১৮ চনত দুবাৰকৈ হাবিগঞ্জ-২ৰ পৰা আৱামি লীগৰ সংসদ সদস্য নিৰ্বাচিত হৈছিল। আৰক্ষী উপ আয়ুক্ত মহম্মদ তালেবুৰ ৰহমানে জানিবলৈ দিয়া মতে, যাতৰাবাৰী থানাত ৰুজু হোৱা হত্যাকাণ্ডৰ গোচৰত মেহবুব আলীক গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰথম আলোৰ মতে, ৫ আগষ্টত ছাত্ৰ বিদ্ৰোহত আৱামি লীগ চৰকাৰৰ পতনৰ পিছত কমেও ২৭ জন প্ৰাক্তন মন্ত্ৰী, সংসদৰ সদস্য আৰু দলৰ শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে।

বাংলাদেশৰ নিজা বাতৰি কাকত দ্য ডেইলী ষ্টাৰে সীমান্তৰক্ষী বাংলাদেশৰ আইনী আৰু মিডিয়া উইঙৰ সঞ্চালক লেফটেনেণ্ট কৰ্ণেল মুনিম ফেডুছৰ উদ্ধৃতি দি আজি ঢাকাৰ আদব’ৰ অঞ্চলৰ পৰা ৰাজশ্বাহী-৪ৰ প্ৰাক্তন বিধায়ক এনামুল হকক গ্ৰেপ্তাৰ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। যোৱা ৫ আগষ্টত ৰাজশ্বাহীত চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত কৰা আক্ৰমণক লৈ বাঘমাৰা থানাত ৰুজু হোৱা গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও মাদাৰীপুৰ জিলা আৱামি লীগৰ সভাপতি চাহাবুদ্দিন আহমেদকো কুমিলাৰ বিবীৰ বজাৰ সীমান্তৰ পৰা বৰ্ডাৰ গাৰ্ড বাংলাদেশে গ্ৰেপ্তাৰ কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande