বাংলাদেশত গ্ৰেপ্তাৰ হোৱা অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মানিকৰ বিৰুদ্ধে চলিব ছয়জন লোকৰ হত্যাৰ গোচৰ
ঢাকা, ১৮ ছেপ্টেম্বৰ (হি.স.)। বাংলাদেশত ২৩ আগষ্টৰ নিশা দেশৰ পৰা পলায়ন কৰিবলৈ গৈ ধৰা পৰা উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ এইচ এম ছামছুদ্দিন চৌধুৰী মাণিকৰ বিৰুদ্ধে হত্যাৰ ছটা ভিন্ন ভিন্ন গোচৰত বিচাৰ হ’ব। উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগৰ পৰা অৱ
বাংলাদেশত গ্ৰেপ্তাৰ হোৱা অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মানিক


ঢাকা, ১৮ ছেপ্টেম্বৰ (হি.স.)। বাংলাদেশত ২৩ আগষ্টৰ নিশা দেশৰ পৰা পলায়ন কৰিবলৈ গৈ ধৰা পৰা উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ এইচ এম ছামছুদ্দিন চৌধুৰী মাণিকৰ বিৰুদ্ধে হত্যাৰ ছটা ভিন্ন ভিন্ন গোচৰত বিচাৰ হ’ব। উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰিছে মানিক।

আজি তেওঁক কটকটীয়া নিৰাপত্তাৰ অধীনত ঢাকা মহানগৰীৰ দণ্ডাধীশ জাকি আল ফাৰাবীৰ আদালতত হাজিৰ কৰোৱা হয়। হত্যাৰ ছটা ভিন্ন অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে আদালতৰ পৰা অনুমতি বিচাৰিছিল। আদালতৰ অনুমোদনৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে মঙলবাৰে তেওঁক চিলেটৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ অঞ্জন কান্তি দাসৰ আদালতত হাজিৰ কৰা হৈছিল। ছিলেটৰ কানাইঘাট থানাত অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা চলোৱাৰ গোচৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মানিকক জামিন মঞ্জুৰ কৰে আদালতে।

কানাইঘাট উপজিলাৰ ডোনা সীমান্তৰে ভাৰতলৈ পলায়ন কৰি যোৱা ২৩ আগষ্টৰ নিশা সীমান্তৰক্ষী বাংলাদেশে মাণিকক গ্ৰেপ্তাৰ কৰিছিল। পিছদিনা চিলেট মহানগৰীৰ দণ্ডাধীশ আলমগীৰ হুছেইনে মাণিকক ফৌজদাৰী বিধি আইন (চি আৰ পি চি)ৰ ৫৪ ধাৰাত জেললৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

বিচাৰ বিভাগৰ মতে, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মানিকক আদবৰত বস্ত্ৰ শ্ৰমিক ৰুবেল, লালবাগত কলেজীয়া ছাত্ৰ খালিদ হাছান চাইফুল্লাহ, সুমন ছিকদাৰ, হাফিজুল ছিকদাৰ, তৌফিকুল ইছলাম ভূঞা আৰু বড্ডাৰ সোহাগ মিঞাৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। মাণিক আদালতত কয় যে তেওঁ নিৰ্দোষী আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা, মনেসজা আৰু ভুৱা।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande