এতিয়া আমেৰিকাত টিভি আৰু ৰেডিঅ’ত সন্মুখ সমৰত হেৰিছ আৰু ট্ৰাম্প
ৱাশ্বিংটন, ১৮ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে এতিয়া আকৰ্ষণীয় ৰূপ লৈছে। প্ৰচাৰৰ শেষৰ সাত সপ্তাহত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দুয়োগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সমগ্ৰ গুৰুত্ব সংবাদ মাধ্যমৰ ওপৰত
ডোনাল্ড–হেৰিছ


ৱাশ্বিংটন, ১৮ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে এতিয়া আকৰ্ষণীয় ৰূপ লৈছে। প্ৰচাৰৰ শেষৰ সাত সপ্তাহত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দুয়োগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সমগ্ৰ গুৰুত্ব সংবাদ মাধ্যমৰ ওপৰত থাকিব।

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকী আৰু তেওঁৰ মিত্ৰসকলে প্ৰচাৰৰ অন্তিম সাত সপ্তাহত টেলিভিছন আৰু ৰেডিঅ’ বিজ্ঞাপনৰ বাবে ডেৰ বিলিয়ন ডলাৰতকৈ অধিক ব্যয় কৰাৰ পৰিকল্পনা কৰিছে বুলি নিউয়ৰ্ক টাইমছে এটা বিজ্ঞাপন অনুসৰণ প্ৰতিষ্ঠানৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে। উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক সমৰ্থন কৰা গোটসমূহে টেলিভিছন আৰু ৰেডিঅ’ বিজ্ঞাপনৰ বাবে ৩৩২ মিলিয়ন ডলাৰৰ এয়াৰটাইম সংৰক্ষণ কৰিছে। ড’নাল্ড ট্ৰাম্পক সমৰ্থন কৰা গোটসমূহে ইয়াৰ বাবে প্ৰায় ১৯৪ মিলিয়ন ডলাৰ ব্যয় কৰাৰ পৰিকল্পনা কৰিছে। দুয়োটা পক্ষই পেনচিলভেনিয়াত সৰ্বাধিক খৰচ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande