ফজলুৰ ৰহমানক আস্থাত নোলোৱাৰ বাবে চৰকাৰৰ ওপৰত ক্ষুব্ধ নৱাজ শ্বৰীফ
ইছলামাবাদ, ১৬ ছেপ্টেম্বৰ (হি.স.)। সাংবিধানিক সংশোধনী সন্দৰ্ভত পাকিস্তান মুছলিম লীগৰ সভাপতি নৱাজ শ্বৰীফে নিজৰ চৰকাৰৰ ৰণনীতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। দেওবাৰে লাহোৰৰ পৰা ইছলামাবাদ পালেহি। প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ৰাষ্ট্ৰপতি জাৰ্দাৰী আৰু জমিয়ত
জমিয়ত উলেমা-ই-ইছলাম (ফজল) নেতা মৌলানা ফজলুৰ ৰেহমানৰ ফাইল ফটো


ইছলামাবাদ, ১৬ ছেপ্টেম্বৰ (হি.স.)। সাংবিধানিক সংশোধনী সন্দৰ্ভত পাকিস্তান মুছলিম লীগৰ সভাপতি নৱাজ শ্বৰীফে নিজৰ চৰকাৰৰ ৰণনীতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। দেওবাৰে লাহোৰৰ পৰা ইছলামাবাদ পালেহি। প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ৰাষ্ট্ৰপতি জাৰ্দাৰী আৰু জমিয়ত উলেমা-ই-ইছলাম (ফজল) নেতা মৌলানা ফজলুৰ ৰহমানৰ সৈতে তেওঁৰ বৈঠকৰ ব্যৱস্থা কৰে। ইয়াৰ পিছতো নৱাজে দুয়োকে লগ নধৰিলে। আজি তেওঁ লাহোৰ পালেহি।

সূত্ৰৰ উদ্ধৃতিৰে এ আৰ ৱাই নিউজে প্ৰকাশ কৰা অনুসৰি নৱাজ শ্বৰীফে এই সংশোধনীৰ কাম আগবঢ়াই নিয়াৰ পূৰ্বে ফজলুৰ ৰহমানক আস্থাত ল’ব লাগিছিল বুলি কৈছিল। জিঅ’ নিউজে এই ঘটনা সন্দৰ্ভত কৈছে যে সম্ভৱতঃ নৱাজ শ্বৰীফৰ অসন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি আজি দিনৰ ১২.৩০ বজাত বিভিন্ন নেতাই মৌলানা ফজলুৰ ৰহমানক সাক্ষাৎ কৰে। সোঁপন্থী নেতা তথা মৌলানা ফজলুৰ ৰহমানৰ ইছলামাবাদৰ বাসগৃহ এই ৰাজনৈতিক বিকাশৰ কেন্দ্ৰবিন্দুলৈ আহিছে।

দেওবাৰে গভীৰ নিশা তেওঁক লগ কৰিবলৈ আহিছিল বিশিষ্ট ৰাজনৈতিক ব্যক্তিসকল। ইয়াৰ ভিতৰত আৱাম পাকিস্তান পাৰ্টিৰ মুৰব্বী শ্বাহিদ খাকান আব্বাছি, মিফতা ইছমাইল, বেলুচিস্তানৰ মুখ্যমন্ত্ৰী চৰ্ফৰাজ বুগটি, প্ৰাক্তন তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আনোৱাৰুল হক কক্কাৰ, আব্দুল গাফুৰ হাইদেৰী আৰু কামৰাণ মুৰ্তাজা। ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ নেতাসকলেও তেওঁৰ সৈতে যোগাযোগ কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande