আকাশতে লুটিবাগৰ ছিংগাপুৰৰ পৰা চীনলৈ যোৱা বিমান, আহত ৭ জন
ছিংগাপুৰ চহৰ, ০৭ ছেপ্টেম্বৰ (হি.স.)। ছিংগাপুৰৰ পৰা চীনৰ গুৱাংঝুলৈ যোৱা স্কুট কোম্পানীৰ বিমান এখন (বয়িং ৭৮৭-৯ ড্ৰিমলাইনাৰ) কাৰিকৰী বিজুতিৰ বাবে ২০ হাজাৰ ফুট উচ্চতাত আকাশতে দোদুল্য়মান হ’বলৈ আৰম্ভ কৰে। এই সময়ছোৱাত ৭ জন যাত্ৰী আহত হয়। ছিংগাপুৰৰ কাকত
এইখন সেই বিমান বয়িং ৭৮৭-৯ ড্ৰিমলাইনাৰ। ফটো-ইণ্টাৰনেট মিডিয়া


ছিংগাপুৰ চহৰ, ০৭ ছেপ্টেম্বৰ (হি.স.)। ছিংগাপুৰৰ পৰা চীনৰ গুৱাংঝুলৈ যোৱা স্কুট কোম্পানীৰ বিমান এখন (বয়িং ৭৮৭-৯ ড্ৰিমলাইনাৰ) কাৰিকৰী বিজুতিৰ বাবে ২০ হাজাৰ ফুট উচ্চতাত আকাশতে দোদুল্য়মান হ’বলৈ আৰম্ভ কৰে। এই সময়ছোৱাত ৭ জন যাত্ৰী আহত হয়।

ছিংগাপুৰৰ কাকত দ্য ষ্ট্ৰেইটছ টাইমছৰ প্ৰতিবেদন অনুসৰি আহত যাত্ৰীসকলৰ এজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। বিমান কোম্পানী স্কুটে জনোৱা মতে, শুকুৰবাৰে পুৱা যেতিয়া বিমানখন গুৱাংঝুত উপস্থিত হয় তেতিয়া বিমানখনত কিছু ত্ৰুটি আছিল। স্থানীয় সময় অনুসৰি পুৱা ৯:১০ বজাত গন্তব্য স্থানত অৱতৰণ কৰে বয়িং ৭৮৭-৯ বিমান। পুৱা প্ৰায় ৫:৪৫ বজাত ছিংগাপুৰৰ পৰা উৰা মাৰিছিল।

স্কুটে কয় যে যেতিয়া বিমানখন গুৱাংঝৌত উপস্থিত হয় তেতিয়া বিমানখনে চাৰিজন যাত্ৰী আৰু তিনিজন ক্ৰু আহত হোৱাৰ কথা পোহৰলৈ আহে। ইয়াৰে এজনক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বিমানখনত কিমানজন লোক আছিল সেই কথা কোম্পানীটোৱে বিবৃতিটোত প্ৰকাশ কৰা নাই।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande