পেৰিছ পেৰালিম্পিকঃ পুৰুষৰ শ্বট পুট এফ৫৭ত হোকাটো হোটোজে ছেমাৰ ব্ৰঞ্জৰ পদক অৰ্জন
-ভাৰতে লাভ কৰিলে ২৭ সংখ্যক পদক পেৰিছ, ০৭ ছেপ্টেম্বৰ (হি.স.) । হোকাটো হোটোজে ছেমাই শুকুৰবাৰে গভীৰ নিশা (স্থানীয় সময় অনুসৰি) ষ্টেড ডি ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ২০২৪ পেৰালিম্পিকত পুৰুষৰ শ্বট পুট এফ ৫৭ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে । ৪০ বছৰীয়া খেলুৱৈগৰা
হোকাটো হোটোজে ছেমা


-ভাৰতে লাভ কৰিলে ২৭ সংখ্যক পদক

পেৰিছ, ০৭ ছেপ্টেম্বৰ (হি.স.) । হোকাটো হোটোজে ছেমাই শুকুৰবাৰে গভীৰ নিশা (স্থানীয় সময় অনুসৰি) ষ্টেড ডি ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ২০২৪ পেৰালিম্পিকত পুৰুষৰ শ্বট পুট এফ ৫৭ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে ।

৪০ বছৰীয়া খেলুৱৈগৰাকীয়ে চতুৰ্থ প্ৰচেষ্টাত ১৪.৬৫ ছেকেণ্ডৰ ব্যক্তিগত শ্ৰেষ্ঠত্ব অৰ্জন কৰি চলি থকা পেৰালিম্পিক গেমছত ভাৰতৰ ২৭ সংখ্যক পদক নিশ্চিত কৰে।

আনগৰাকী ভাৰতীয় খেলুৱৈ সোমন ৰাণাই ১৪.০৭ ছেকেণ্ডৰ শ্ৰেষ্ঠ প্ৰচেষ্টাৰে পঞ্চম স্থান দখল কৰে। নিজৰ চেষ্টাৰ ছেট সম্পূৰ্ণ কৰাৰ সময়ত ৰেংকিঙত তৃতীয় স্থানত আছিল যদিও ফিনলেণ্ডৰ টেইজো কুপিকা আৰু হোটোজেৰ উন্নত প্ৰচেষ্টাৰ পিছত ৰাণা ৰেংকিঙৰ পৰা তললৈ নামি আহে।

থ্ৰ’ৰ ছেট সম্পূৰ্ণ কৰাৰ পিছত হোটোজেৰ ঘনিষ্ঠ প্ৰতিদ্বন্দ্বী আছিল আৰ্জেণ্টিনাৰ পাবলো ডেমিয়ান জিমেনেজ আৰু ফ্ৰান্সৰ ভিটলিঅ’ কাভাকাৱা যদিও দুয়োজন খেলুৱৈয়ে মাত্ৰ ১২.৯৯ ৰ সৰ্বোত্তম প্ৰচেষ্টাহে কৰিব পাৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande