আক্ৰমণ লক্য় ্ষপাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়, চাৰি সন্ত্ৰাসবাদী নিহত
ৰাৱালপিণ্ডি, ০৭ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ মহমাণ্ড জিলাৰ ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণ বিফল কৰিলে দেশখনৰ নিৰাপত্তা বাহিনীয়ে। এই সময়তে বাহিনীয়ে চাৰিজন আত্মঘাতী বোমাৰু হত্যা
পাকিস্তান সেনাৰ ফাইল ফটো


ৰাৱালপিণ্ডি, ০৭ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ মহমাণ্ড জিলাৰ ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণ বিফল কৰিলে দেশখনৰ নিৰাপত্তা বাহিনীয়ে। এই সময়তে বাহিনীয়ে চাৰিজন আত্মঘাতী বোমাৰু হত্যা কৰে। পাকিস্তান সেনাৰ মিডিয়া শাখা আন্তঃসেৱা জনসংযোগ চমুকৈ আই এছ পি আৰ য়ে শনিবাৰে এই তথ্য প্ৰদান কৰে।

আই এছ পি আৰৰ উদ্ধৃতিৰে জিঅ’ নিউজৰ প্ৰতিবেদনে দাবী কৰিছে যে শুকুৰবাৰে পুৱাৰ ভাগত ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰিবলৈ অহা সশস্ত্ৰ সন্ত্ৰাসবাদীক ধৰাশায়ী কৰা হৈছে। আই এছ পি আৰে জনোৱা মতে, নিৰাপত্তা বাহিনীৰ লোকে মুখ্য কাৰ্যালয়ত প্ৰৱেশৰ প্ৰচেষ্টাক ফলপ্ৰসূভাৱে বিফল কৰি পেলায়। সেনাৰ সংবাদ শাখাই কয় যে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে দেশৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ দৃঢ়তা আৰু সাহসেৰে থিয় দিছে।

ইয়াৰ উপৰিও পীছিন জিলাৰ সুৰখাব শৰণাৰ্থী শিবিৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীচালনাত ৫জন সন্ত্ৰাসবাদী নিহত হোৱা বুলি সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ মুখপাত্ৰই প্ৰকাশ কৰিছে। নিহত সন্ত্ৰাসবাদীৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande