এছিয়ান চেম্পিয়নছ ট্ৰফীঃ খিতাপ ৰক্ষা কৰিবলৈ নামিব ভাৰতীয় হকী দল
হুলুনবুইৰ (চীন), ০৭ ছেপ্টেম্বৰ (হি.স.)। পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় হকী দলটোৱে হিৰো মেন্স এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৪ত অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে। বৰ্তমানৰ চেম্পিয়ন ভাৰতীয় দলটোৱে খিতাপ ৰক্ষাৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে
ভাৰতীয় খেলুৱৈৰ ফটো-হকী ভাৰত


হুলুনবুইৰ (চীন), ০৭ ছেপ্টেম্বৰ (হি.স.)। পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় হকী দলটোৱে হিৰো মেন্স এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৪ত অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে। বৰ্তমানৰ চেম্পিয়ন ভাৰতীয় দলটোৱে খিতাপ ৰক্ষাৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে খেলপথাৰত প্ৰৱেশ কৰিব। ভাৰতৰ লগতে আয়োজক চীন, জাপান, পাকিস্তান, কোৰিয়া, মালয়েছিয়া আদি দলো আছে। ৮ ছেপ্টেম্বৰ দেওবাৰৰ পৰা চীনৰ হুলুনবুইৰ চহৰত অনুষ্ঠিত হ’ব এই সন্মানীয় প্ৰতিযোগিতা। যোৱা বছৰ ঘৰুৱা মাটিত খিতাপ দখল কৰি ভাৰতে প্ৰতিযোগিতাখনৰ ইতিহাসত চাৰিটা খিতাপ দখল কৰা একমাত্ৰ দল হিচাপে পৰিগণিত হৈছিল। এইবাৰো চেম্পিয়নশ্বিপত ভাৰতৰ আধিপত্য অব্যাহত ৰাখিবলৈ আগ্ৰহী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে।

শনিবাৰে হকী ইণ্ডিয়াই প্ৰকাশ কৰা এক বিবৃতিত হৰমনপ্ৰীত সিঙে কয় যে যোৱা বছৰৰ এছিয়ান চেম্পিয়নছ ট্ৰফীয়ে আমাক এছিয়ান গেমছলৈ যোৱাৰ সঠিক গতি প্ৰদান কৰিছিল। ইয়াৰ পিছতে অলিম্পিক গেমছত পুনৰ প’ডিয়ামত থিয় হৈ জয়লাভ কৰে। এইবাৰো আমি এই প্ৰতিযোগিতাত জয়ী হৈ এক নতুন অলিম্পিক চক্ৰ আৰম্ভ কৰিব বিচাৰিছো। তেওঁ কয় যে অলিম্পিক দলৰ দহজন সদস্যই এই প্ৰতিযোগিতাত খেলি আছে। আমাৰ দলত কিছুমান যুৱ খেলুৱৈও আছে। তেওঁ কয় যে ক্ৰীড়াৰ দৃষ্টিকোণৰ পৰা আমাৰ আক্ৰমণ আৰু পেনাল্টি কৰ্ণাৰ আমাৰ শক্তি যদিও আমি বিশেষকৈ জাপান, মালয়েছিয়া আৰু পাকিস্তানৰ দৰে দলৰ বিৰুদ্ধে গাঁথনিগত ডিফেন্স খেলিবলৈ চেষ্টা কৰিম। বিশ্ব ৰেংকিং পইণ্টৰ ক্ষেত্ৰত আমাৰ বাবে এইখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আৰু আমি প্ৰত্যাহ্বানৰ বাবে সাজু।

দেওবাৰে আয়োজক চীনৰ বিৰুদ্ধে প্ৰথমখন খেলৰ জৰিয়তে ভাৰতীয় দলটোৱে অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছত ৯ ছেপ্টেম্বৰত জাপানৰ বিৰুদ্ধে দ্বিতীয়খন মেচ খেলিব। ১১ ছেপ্টেম্বৰত ভাৰতীয় দলটোৱে যোৱা বছৰৰ ৰানাৰ্ছ আপ মালয়েছিয়া আৰু ১২ ছেপ্টেম্বৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। এদিনীয়া বিৰতিৰ অন্তত ১৪ ছেপ্টেম্বৰত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিব। ছেমি ফাইনেল আৰু ফাইনেল মেচ ক্ৰমে ১৬ আৰু ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande