-বাইডেন আৰু মোডীৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা যোগাযোগ উপদেষ্টা জন এফ কিৰ্বিৰ গুৰুত্বপূৰ্ণ মন্তব্য
ৱাশ্বিংটন, ০৫ ছেপ্টেম্বৰ (হি.স.)। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ যিকোনো পদক্ষেপক হোৱাইট হাউছে আদৰণি জনাব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ আৰু কাৰ্যালয়ত থকা হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা যোগাযোগ উপদেষ্টা জন এফ কিৰ্বিয়ে প্ৰকাশ কৰিছে।
কিৰ্বিয়ে স্পষ্ট কৰি দিয়ে যে এই ক্ষেত্ৰত আমেৰিকাই ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলোৱাত সহায় কৰিব বিচৰা প্ৰতিখন দেশক আদৰণি জনায়। উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শেহতীয়া ৰাছিয়া ভ্ৰমণৰ পিছত ইউক্ৰেইন ভ্ৰমণ কৰিছিল। ইয়াৰ পিছত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে টেলিফোনিক কথা-বতৰা পাতে। দৰাচলতে বুধবাৰে সংবাদমেলত কিৰবিক এই কথা-বতৰাৰ বিষয়ে সোধা হৈছিল। তেওঁক সোধা হৈছিল যে যুদ্ধৰ অন্ত পেলোৱাত ভাৰতে ভূমিকা ল’ব পাৰে বুলি ভাবিছে নেকি? কিৰ্বিয়ে কৈছিল যে হোৱাইট হাউচে নিশ্চিতভাৱে এনে এখন ৰাষ্ট্ৰক আদৰণি জনাব যি ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ইউক্ৰেইনৰ নাগৰিকসকলৰ বিশেষাধিকাৰ আৰু এই যুদ্ধৰ সমাপ্তিৰ বাবে ন্যায়সঙ্গত শান্তিৰ পৰিকল্পনাৰ সৈতে সংগতি ৰাখি এনে কৰে।
হিন্দুস্থান সমাচাৰ
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া