পেৰিছ পেৰালিম্পিকঃ পুৰুষৰ হাই জাম্প টি ৬৩ ইভেণ্টত শাৰদৰ ৰূপৰ পদক, মৰিয়াপ্পানৰ ব্ৰঞ্জৰ পদক লাভ
নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। মঙলবাৰে গভীৰ নিশা পেৰিছ ২০২৪ পেৰালিম্পিকত অনুষ্ঠিত পুৰুষৰ হাই জাম্প টি ৬৩ ইভেণ্টত শাৰদ কুমাৰে ৰূপৰ পদক আৰু মৰিয়াপ্পান থাংগাভেলুৱে ব্ৰঞ্জৰ পদক লাভ কৰে। টি ৪২ শাখাতো শাৰদে মৰিয়প্পানৰ পেৰালিম্পিক অভিলেখ ভংগ কৰে। ২০২
শৰদ কুমাৰে ৰূপৰ পদক লাভ কৰে


নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। মঙলবাৰে গভীৰ নিশা পেৰিছ ২০২৪ পেৰালিম্পিকত অনুষ্ঠিত পুৰুষৰ হাই জাম্প টি ৬৩ ইভেণ্টত শাৰদ কুমাৰে ৰূপৰ পদক আৰু মৰিয়াপ্পান থাংগাভেলুৱে ব্ৰঞ্জৰ পদক লাভ কৰে। টি ৪২ শাখাতো শাৰদে মৰিয়প্পানৰ পেৰালিম্পিক অভিলেখ ভংগ কৰে। ২০২০ চনৰ টকিঅ’ত মৰিয়াপ্পানৰ ১.৮৬ মিটাৰ অভিলেখ অতিক্ৰম কৰাৰ দ্বিতীয়টো প্ৰচেষ্টাত তেওঁ ১.৮৮ মিটাৰত নিৰ্ধাৰিত বাৰ ক্লিয়াৰ কৰে। এই প্ৰক্ৰিয়াত শাৰদেও পূৰ্বৰ সংস্কৰণত ব্ৰঞ্জৰ পদক লাভ কৰি ক্ৰমাগত দ্বিতীয়টো পেৰালিম্পিক পদক লাভ কৰে।

অৱশ্যে ১.৯১ মিটাৰ ক্লিয়াৰ কৰিব নোৱাৰিলে শাৰদে। ইয়াৰ পিছতে তেওঁ বাৰখন ১.৯৪ মিটাৰলৈ বৃদ্ধি কৰি আৰু দুটা চেষ্টাত বিফল হয়। টি৬৩ শাখাত বিশ্ব অভিলেখধাৰী আমেৰিকাৰ এজ্ৰা ফ্ৰেচে ১.৯৪ মিটাৰ দৌৰত পেৰালিম্পিকৰ নতুন অভিলেখৰে স্বৰ্ণ পদক লাভ কৰে।

২০১৬ চনত ৰিঅ’ ডি জেনেইৰ’ত সোণ আৰু টকিঅ’ত ৰূপৰ পদক লাভ কৰা মাৰিয়াপ্পানে ১.৮৮ মিটাৰত তিনিটা ব্যৰ্থ প্ৰচেষ্টা চলোৱাৰ পূৰ্বে মাত্ৰ ১.৮৫ মিটাৰতহে বাৰ ক্লিয়াৰ কৰিব পাৰিছিল। প্ৰতিযোগিতাত তৃতীয় ভাৰতীয় শৈলেশ কুমাৰে মৰিয়প্পানৰ সৈতে সমতাত আছিল যদিও কাউণ্টবেকত চতুৰ্থ স্থান দখল কৰে।

হাই জাম্পত পদক দুটা লাভ কৰি ভাৰতৰ পদকৰ সংখ্যা ২০লৈ বৃদ্ধি পালে, যিটো গেমছৰ একক সংস্কৰণত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ভাৰতে এই পৰ্যন্ত পেৰিছত তিনিটা স্বৰ্ণ, ৭টা ৰূপ আৰু ১০টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande