শোণিতপুৰ,০৪ ছেপ্টেম্বৰ (হি.স.)। বিত্তীয় প্ৰৱঞ্চনা সন্দৰ্ভত শোণিতপুৰত পৃথকে ৰুজু হোৱা তিনিটা গোচৰৰ বিপৰীতে আৰক্ষীয়ে মুঠ আঠজন অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে ৷ শোণিতপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি,তেজপুৰ সদৰ আৰক্ষী থানাত ফাইন’ পেমেন্ট বেংকৰ নামত কৰা প্ৰৱঞ্চনাৰ এক গোচৰত তেজপুৰৰ দুই মহিলা সহ চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,চন্দনা দেৱী,শান্তি দিৱী,কমল কুমাৰ কাৰ্কি আৰু ধ্ৰুৱ বাচফোৰক এই অভিযোগ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইয়াৰে ভিতৰত তেজপুৰ চানমাৰী নিৱাসী ধ্ৰুৱ বাচফোৰক চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ভূৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত প্ৰায় শতাধিক গ্ৰাহকৰ পৰা কেবালাখ টকা সংগ্ৰহ কৰিছিল কম সময়তে সাত শতাংশ লাভ দিয়াৰ প্ৰলোভনৰে ৷ যোৱা নিশা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বাচফোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে শোণিতপুৰ আৰক্ষীয়ে আন তিনি অভিযুক্তকো গ্ৰেপ্তাৰ কৰে ৷
উল্লেখযোগ্য যে,অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাচতে আৰক্ষী জিলাখনত সক্ৰিয় হৈ উঠিছে ৷ কিন্তু ইমান দিনে তেজপুৰ তথা জিলাখনত এনে বিত্তীয় প্ৰৱঞ্চনা অবাধে চলি থকাকলৈয়ো প্ৰশ্ন উঠিছে ৷ ইপিনে,ৰঙাপৰা আৰক্ষী থানা অন্তৰ্গত অঞ্চলতো উজলা অমৃত নিধিৰ নামতো আন এক ভূৱা বিত্তীয় প্ৰৱঞ্চনা সন্দৰ্ভত ৰঙাপৰাৰ ব্ৰজেন লিম্বু আৰু চিন্ময় চাহানি নামৰ আন দুজনকো ৰঙাপৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷আনহাতে,জিলাখনৰ মিছামাৰী আৰক্ষী থানাত ট্ৰিডিক্স ট্ৰেডিং এপ ৰ নামত চলা আন এক বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ সন্দৰ্ভত আৰক্ষীয়ে যোৱা নিশাই ঢেকিয়াজুলিৰ ছইফুল ইছলাম আৰু মিছাদাৰীৰ আব্দুল কাদিৰ নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ