বেইৰুট, ৩০ ছেপ্টেম্বৰ (হি.স.)। সোমবাৰে পুৱা ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটত ধাৰাবাহিকভাৱে ড্ৰ’ন আক্ৰমণ চলাই হিজবুল্লাহৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়। ইজৰাইলৰ সেনাই ড্ৰ’ন আক্ৰমণেৰে চহৰৰ ভৱনক লক্ষ্য কৰি লয়। এই আক্ৰমণত ইজৰাইলৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰামত সক্ৰিয় পপুলাৰ ফ্ৰণ্ট ফৰ দ্য লিবাৰেচন অৱ পেলেষ্টাইন (পিএফএলপি)ৰ তিনিজন জ্যেষ্ঠ নেতাকে ধৰি কমেও চাৰিজন লোক নিহত হয়।
ইজৰাইল সেনাই দেওবাৰৰ পৰা বেইৰুটৰ আৱাসিক অঞ্চলসমূহক লক্ষ্য কৰি লৈছে। দ্য টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি, বেইৰুটৰ কোলা জিলাৰ এটা অট্টালিকাত মাজনিশা ইজৰাইলৰ আক্ৰমণত পিএফএলপিৰ তিনিজন শীৰ্ষ নেতা নিহত হয়। যদিও ইয়াৰ পূৰ্বে এই আক্ৰমণ আন এটা সন্ত্ৰাসবাদী সংগঠন আল জামা’আ আল ইছলামিয়া (ইছলামিক গ্ৰুপ)ৰ দ্বাৰা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছিল, কিন্তু সংগঠনটোৱে এই কথা অস্বীকাৰ কৰিছে। আনহাতে, এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলৰ সেনাই কোনো মন্তব্য কৰা নাই।
ইৰাণ সমৰ্থিত সশস্ত্ৰ সংগঠনৰ বিৰুদ্ধে ইজৰাইলে ধাৰাবাহিকভাৱে অভিযান তীব্ৰতৰ কৰি তুলিছে। দেওবাৰে ইজৰাইলে লেবাননত হিজবুল্লাহৰ স্থানত আক্ৰমণ চলাই হিজবুল্লাহৰ এজন জ্যেষ্ঠ অধিনায়ককে ধৰি ৪৫ জন যোদ্ধাক হত্যা কৰে। নবিল কৌক নামৰ এই নেতাজন হিজবুল্লাহৰ কেন্দ্ৰীয় সমিতিৰ উপ-মূৰব্বী আছিল। ইয়াৰ লগতে ডজন ডজন ইজৰাইলী বিমানে য়েমেনত হাউথী বিদ্ৰোহীৰ স্থানত বোমা বিস্ফোৰণ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া