কামৰূপ, ৩০ ছেপ্টেম্বৰ (হি.স.)। কামৰূপৰ সোণতলীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় ৷ সোণতলী আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক কৰা হয় এটা ড্ৰাগছ সৰবৰাহকাৰী ৷ ড্ৰাগছ সৰবৰাহকাৰীটো সোণতলীৰ সেলেসুঁতি গাঁৱৰ জহিৰুল হক ভূঞাৰ পুত্ৰ ইছপাকুৰ ভূঞা বুলি জানিব পৰা গৈছে ৷ নিশা সোণতলী বজাৰত ইছপাকুৰে ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে হাতে-লোটে ধৰা পেলায় আৰক্ষীয়ে ৷
সোণতলী আৰক্ষীয়ে ইছপাকুৰৰ পৰা চাৰিটা নিষিদ্ধ ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ ব্যবসায়ী ইছপাকুৰক সোণতলী আৰক্ষীৰ জিম্মাত ৰাখি সোধা-পোছা অব্যাহত ৰাখিছে ৷ ইতিপূৰ্বে ইছপাকুৰে বৃহত্তৰ সোণতলী অঞ্চলত নিষিদ্ধ ড্ৰাগছ বিক্ৰী কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ ইছপাকুৰে ড্ৰাগছ বিক্ৰী কাৰ্যত ব্যৱহাৰ কৰা এএছ ০১ ডি ডব্লিউ ৩১৭২ নম্বৰৰ বাজাজ পালছাৰ বাইক এখনো জব্দ কৰে সোণতলী আৰক্ষীয়ে ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা