মুছলপুৰত ট্ৰেডিং কেলেংকাৰী–১০০ কোটিৰো অধিক ধন আত্মসাৎ কৰি আত্মগোপন এগৰাকী মহিলা
মুছলপুৰতো সংঘটিত হৈছে ট্ৰেডিং কেলেংকাৰী
মুছলপুৰত ট্ৰেডিং কেলেংকাৰী–১০০ কোটিৰো অধিক ধন আত্মসাৎ কৰি আত্মগোপন এগৰাকী মহিলা


বাক্সা, ১০ ছেপ্টেম্বৰ (হি.স.): ৰাজ্য় জোকাৰি যোৱা ট্ৰেডিং কেলেংকাৰী বাক্সা জিলাৰ মুছলপুৰতো সংঘটিত হৈছে । জিলাখনত ১০০ কোটিৰো অধিক ধন আত্মসাৎ কৰি এগৰাকী মহিলাই আত্মগোপন কৰাৰ ঘটনা পোহৰলৈ আহিছে।

আত্মগোপন কৰা মহিলা গৰাকীৰ নাম মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম বাংনাবাৰীৰ মাইনাও ব্ৰহ্ম বুলি জানিব পৰা গৈছে।

বিভিন্ন পৰ্যায়ৰ ব্যক্তিৰ পৰা ধন লৈছিল মহিলা গৰাকীয়ে। মহিলা গৰাকীৰ বিৰুদ্ধে মুছলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভূক্তভোগীসকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande