কামৰূপ, ১৪ জানুৱাৰী(হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন সুত্ৰৰ ভিত্তিত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ অভিযানত আমিনগাঁৱত এখন বাহনৰ পৰা ১.১২৮কেজি হেৰ’ইন জব্দ কৰিব সক্ষম হয়। কামৰুপ জিলাৰ হাজো আৰু গোৰেশ্বৰত ড্ৰাগচ ব্যৱসায়ী সকলৰ বাবে মণিপুৰৰ চুৰাচান্দপুৰৰ কুখ্যাত টৌথিং নিচাজাতীয় পৰিয়ালটোৱে নিচাজাতীয় সামগ্ৰী কঢ়িয়াই নিয়াৰ সন্দৰ্ভত ১৪ জানুৱাৰীত আমিনগাঁৱত বিশেষ টাস্ক ফ’ৰ্চে এখন বাহন আটক কৰে।
মিজোৰামৰ পৰা আমিনগাঁৱলৈ আহি আছিল এ এছ ১১ এন ৩১৪১ পঞ্জীয়ন নম্বৰৰ বগা স্কৰপিঅ’ গাড়ীখন। অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত এছটিএফৰ দলটোৱে পুৱাই গাড়ীখন আবদ্ধ কৰে। গাড়ীখনৰ ভিতৰত অনখগিন টাউথিং(চালক) আৰু থাংখাইলিয়েন(সহ-চালক) নামৰ দুজন ব্যক্তিক আটক কৰিব সক্ষম হয়।
তালাচীত গাড়ীখনৰ ভিতৰত থকা গোপন চেম্বাৰত লুকুৱাই ৰখা হেৰ’ইন ভৰ্তি ৯৪ টা চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়। মুঠ ১.১২৮ কে.জি. ওজনৰ ড্ৰাগছ খিনিৰ মুল্য ৯ কোটি টকা হব বুলি অনুমান কৰা হৈছে। হেৰ’ইন সৰবৰাহকাৰী দুজনক জেৰা চলোৱাত তেওলোকে সদৰি কৰা তথ্য অনুসৰি আৰক্ষী পিছত ডামপুৰ, হাজোৰ নুৰুল হুছেইন, আৰু গোৰেশ্বৰৰ পৰা বিতুল আলী নামৰ আন দুজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয়। ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত সকলো ব্যক্তিৰ বিৰুদ্ধে এছটিএফে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ