গাড়ীগাঁৱৰ গোঁসাইঘৰত মুখ্যমন্ত্ৰীৰ সেৱা
গুৱাহাটী, ১৪ জানুৱাৰী (হি.স.)। ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা আজি গাড়ীগাঁৱৰ শ্যামৰায় গোঁসাইঘৰত উপস্থিত হয়। প্ৰথমবাৰলৈ অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে গাড়ীগাঁও বৰনামঘৰত উপস্থিত হোৱাত তেওঁক আয়তিৰ উৰুলি, নাম-প্ৰসংগ তথা হৰিধ্বনিৰে
গাড়ীগাঁৱৰ গোঁসাইঘৰত মুখ্যমন্ত্ৰীৰ সেৱা


গুৱাহাটী, ১৪ জানুৱাৰী (হি.স.)। ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা আজি গাড়ীগাঁৱৰ শ্যামৰায় গোঁসাইঘৰত উপস্থিত হয়। প্ৰথমবাৰলৈ অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে গাড়ীগাঁও বৰনামঘৰত উপস্থিত হোৱাত তেওঁক আয়তিৰ উৰুলি, নাম-প্ৰসংগ তথা হৰিধ্বনিৰে আদৰণি জনোৱা হয়। বৰনামঘৰৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুজনাৰ ওচৰত সেৱা লৈ ৰাইজৰ কুশল মংগল কামনা কৰি প্ৰাৰ্থনা জনায়।

মুখ্যমন্ত্ৰীগৰাকীক শ্যামৰায় গোঁসাইঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয়। এই সুযোগতে মুখ্যমন্ত্ৰীগৰাকীক শ্যামৰায় গোঁসাইঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা স্থানীয় ৰাইজে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰীক এক স্মাৰকপত্ৰ প্ৰদান কৰে। এই স্মাৰকপত্ৰত অঞ্চলটোৰ যাতায়তৰ প্ৰধান পথটি বহল কৰা, শ্যামৰায় গোঁসাইঘৰৰ বাবে সভাঘৰ নিৰ্মাণ, অঞ্চলটোৰ কৃত্ৰিম বানপানীৰ পৰা সকাহ দিয়াৰ অৰ্থে নলা-নৰ্দমা ব্যৱস্থা কৰা, শ্মশান নিৰ্মাণ, খেলপথাৰ নিৰ্মাণ কৰা, খনা নৈৰ আধৰুৱা গাৰ্ডৱাল নিৰ্মাণ, খোৱা-পানীৰ সূচল ব্যৱস্থা কৰাকে ধৰি দাঙি ধৰা কেইবাটাও দাবী উল্লেখ কৰা হয়।

মুখ্যমন্ত্ৰীয়ে গাড়ীগাঁও বাসী ৰাইজক সম্বোধন কৰি কয় যে আজি মাঘ বিহুৰ দিনা পুৱাই অগ্নিদেৱতাক পূজা কৰি আমি সকলোৱে বিহু পালন কৰিছো । ভোগালী বিহুৰ দিনাই গাড়ীগাঁও বাসী ৰাইজৰ মাজত উপস্থিত থাকিবলৈ পাই গৌৰৱ অনুভৱ কৰিছে আৰু এই উপলক্ষ্যত শ্যামৰায় নামঘৰত সেৱা জনাবলৈ পাই নিজকে পবিত্ৰ অনুভৱ কৰিছে। মুখ্যমন্ত্ৰীয়ে শ্যামৰায় গোঁসাইঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা দিয়া স্মাৰকপত্ৰ খনৰ বিষয়ে উল্লেখ কৰি কৃত্ৰিম বানপানীকে ধৰি বিভিন্ন বিষয়ত বিভাগীয় কৰ্তৃপক্ষক এই দাবী সমূহৰ প্ৰতি পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিব বুলি ব্যক্ত কৰে। লগতে মুখ্যমন্ত্ৰীয়ে খেলপথাৰ নিৰ্মাণ কৰাৰ বাবে উপযুক্ত মাটি দিলে সেয়াও নিৰ্মাণ কৰাতো সম্ভৱ হৈ পৰিব। অঞ্চলটোৰ অভাৱ-অভিযোগসমূহ ব্যক্তিগতভাৱে গুৰুত্ব প্ৰদান কৰি অতি সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি আজাৰা ৰাজহ চক্ৰৰ ৰাণী উন্নয়নখণ্ডৰ অন্তৰ্গত ৰাণী চাপৰিত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নদীৰ বিস্তীৰ্ণ বালিচৰত অঞ্চলটোৰ কৃষকসকলে কৰা বিভিন্ন ধৰণ খেতি পৰিদৰ্শন কৰে। তেওঁ কৃষকৰ উন্নয়নকে ধৰি চাপৰিটোৰ বিকাশৰ বাবে বহুমুখী পৰিকল্পনা গ্ৰহণৰ বিষয়েও সদৰী কৰে।

আনহাতে মুখ্যমন্ত্ৰীয়ে গাড়ীগাঁৱৰ পৰা প্ৰস্থান কৰাৰ পাছত বিয়লি সদিলাপুৰত নৱনিৰ্মিত দেৱকান্ত ভৱনটো উদ্বোধন কৰাৰ লগতে উক্ত ভৱনটোৰ প্ৰথম মহলাৰ ভেটিৰ আধাৰশিলাও স্থাপন কৰে। কানাই ঠাকুৰ নামঘৰৰ গাতে লাগি থকা এই ভৱনটোৱে সভা সমিতি আৰু অন্যান্য আধ্যাত্মিক অনুষ্ঠান স্থাপনৰ ক্ষেত্ৰত সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande