গুৱাহাটী, ১৪ জানুৱাৰী (হি.স.)। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি আজাৰা ৰাজহ চক্ৰৰ ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাণী চাপৰিত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নদীৰ বিস্তীৰ্ণ বালিচৰত অঞ্চলটোৰ কৃষকসকলে কৰা বিভিন্ন ধৰণ খেতি পৰিদৰ্শন কৰে। তেওঁ কৃষকৰ উন্নয়নকে ধৰি চাপৰিটোৰ বিকাশৰ বাবে বহুমুখী পৰিকল্পনা গ্ৰহণৰ বিষয়ে সদৰী কৰে।
ৰাণী চাপৰিত কৃষকৰ সৈতে প্ৰায় আঢ়ৈ ঘন্টা সময় অতিবাহিত কৰা মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে মত বিনিময় কৰি সমস্যাসমূহৰ বিষয়ে বুজ লয়। তেওঁ কয় যে চাপৰিটোত বসবাস কৰা কৃষকসকলক ভূমি পট্টা আৱন্টন দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। নৌকা আৰু ষ্ট্ৰেক্টৰেৰে চাপৰিটোত পুৱাৰ ভাগত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে চাপৰিটোৰ এক বৃহৎ অঞ্চল খোজকাঢ়ি কৃষি কাৰ্য্য পৰিদৰ্শন কৰে। উল্লেখ্য যে প্ৰায় ৫০০ কৃষক পৰিয়ালে চাপৰিটোত বসবাস কৰি ৭০৫ হেক্টৰ ভূমিত জৈৱিক কৃষিৰে অঞ্চলটোক এক সেউজীয়া কৃষি ভূমিলৈ ৰূপান্তৰিত কৰি আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰিছে।
ভ্ৰমণ কালত মুখ্যমন্ত্ৰীয়ে কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেঁওলোকে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ বুজ লয়। চাপৰিটোৰ বাবে ভাবুকি কঢ়িয়াই অনা গৰাখহনীয়াৰ সমস্যাটো সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি তেওঁ কয়। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক বিভাগটোৰ বিশেষজ্ঞৰ দ্বাৰা সমস্যাটো সমাধানৰ বাবে অধ্যয়ন কৰাৰ বিষয়ে অৱগত কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চাপৰিবাসীয়ে সন্মুখীন হোৱা গৰাখহনীয়াৰ সমস্যাটো এই পৰিকল্পনাৰ জৰিয়তে সমাধান কৰিব পৰা যাব। তেওঁ লগতে কয় যে চাপৰিটোৰ সৈতে সুচল যোগাযোগ ব্যৱস্থা স্থাপনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে চাপৰিটোলৈে দলং নিৰ্মাণৰ সম্ভাৱনীয়া সম্পৰ্কেও অধ্যয়ন কৰিব।
বিদ্যুৎ সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৃষকসকলৰ বাবে সৌৰশক্তিৰে চালিত অধিক বিজুলীবাতি স্থাপন কৰাৰ লগতে নতুন সৌৰশক্তি চালিত পাম্পেৰে সমগ্ৰ কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। ট্ৰেক্টৰে কৃষিক অধিক লাভজনক কৰি তোলাত মূল ভূমিকা পালন কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ প্ৰেক্ষাপটত কৃষকসকলে আধুনিক কৃষি সঁজুলীৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কৃষকসকলক কয় যে চাপৰিটোৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে প্ৰয়োজনীয় বিপণন সংযোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব।
মুখ্যমন্ত্ৰীয়ে কয় যে ৰাণী চাপৰিৰ কৃষকসকলে বৈচিত্ৰময় শস্য উৎপাদন কৰি এক আধৰ্শ দাঙি ধৰিছে। আত্মনিৰ্ভৰশীলতাৰে কৃষিখণ্ডত তেওঁলোকে কৰা মনোনিৱেশত আপ্লুত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নিকটৱৰ্তী অঞ্চলৰ পৰা অহা দুস্কৃতিকাৰীয়ে চাপৰিটোত সংঘটিত কৰা সৰু সুৰা চুৰি কাৰ্য্যৰ ঘটনাৰ বিষয়টো মোকবিলা কৰাৰ বাবে নদী আৰক্ষী বাহিনীক অধিক সষ্টম কৰি তোলা হ’ব। ভ্ৰমণকালত মুখ্যমন্ত্ৰী ড. শৰ্মাই চাপৰিটোত থকা শিৱ আৰু জগন্নাথ মন্দিৰত সেৱা প্ৰাৰ্থনা জনায়।
দিনজোৰা ভ্ৰমণকালত মুখ্যমন্ত্ৰী ড. শৰ্মাই গৰলস্থিত ব্ৰহ্মপুত্ৰ কলা কৃষ্টি সংঘৰ উদ্যোগত আয়োজিত ভোগালী বিহু উতসৱ উদযাপন অনুষ্ঠানটো অংশগ্ৰহণ কৰে। উৎসৱমুখৰ পৰিৱেশত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে স্থানীয় লোকৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ অভাৱ অভিযোগসমূহৰ ততকালীন আৰু ফলপ্ৰসূ সমাধানৰ বাবে আশ্বাস প্ৰদান কৰে।
ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে গাড়ীগাওঁস্থিত গাড়ীগাঁও বৰনামঘৰত উপস্থিত হৈ ৰাজ্যবাসীৰ কুশল মংগল কামনা কৰি প্ৰাৰ্থনা জনায়। ভ্ৰমণকালত স্থানীয় ৰাইজে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰীক এক স্মাৰকপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে স্থানীয় বাসিন্দাসকলৰ সমস্যাসমূহৰ বিষয়ে বুজ লৈ সমাধানৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।
আনহাতে মুখ্যমন্ত্ৰীয়ে আজি সদিলাপুৰত নৱনিৰ্মিত দেৱকান্ত ভৱনটো উদ্বোধন কৰাৰ লগতে উক্ত ভৱনটোৰ প্ৰথম মহলাৰ ভেটিৰ আধাৰশিলাও স্থাপন কৰে। কানাই ঠাকুৰ নামঘৰৰ গাতে লাগি থকা এই ভৱনটোৱে সভা সমিতি আৰু অন্যান্য আধ্যাত্মিক অনুষ্ঠান স্থাপনৰ ক্ষেত্ৰত সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী