তামুলপুৰত জলসিঞ্চনৰ অভাৱত পথাৰত খৰাং সদৃশ পৰিবেশ
তামুলপুৰ, ১০ ছেপ্টেম্বৰ (হি.স.)। তামুলপুৰত জলসিঞ্চনৰ অভাৱত পথাৰত খৰাং সদৃশ পৰিবেশ বিৰাজ কৰিছে । পানীৰ অভাৱত ধাননি পথাৰত চিৰাল ফাট দিছে ৷ জলসিঞ্চন আঁচনি আছে পথাৰত নাই পানীযোগান ৷ চাৰিবছৰ ধৰি ডিমিলানদীৰ পাৰত চাৰিখন জলসিঞ্চন আঁচনিয়ে কৃষি পথাৰত এটুপি প
তামুলপুৰত জলসিঞ্চনৰ অভাৱত পথাৰত খৰাং সদৃশ পৰিবেশ


তামুলপুৰ, ১০ ছেপ্টেম্বৰ (হি.স.)। তামুলপুৰত জলসিঞ্চনৰ অভাৱত পথাৰত খৰাং সদৃশ পৰিবেশ বিৰাজ কৰিছে । পানীৰ অভাৱত ধাননি পথাৰত চিৰাল ফাট দিছে ৷ জলসিঞ্চন আঁচনি আছে পথাৰত নাই পানীযোগান ৷ চাৰিবছৰ ধৰি ডিমিলানদীৰ পাৰত চাৰিখন জলসিঞ্চন আঁচনিয়ে কৃষি পথাৰত এটুপি পানীও যোগান নধৰাত ক্ষোভত ফাটি পৰিছে কৃষকসকল।

নদীখনৰ দুয়োপাৰে দুইশতাধিক কৃষকে এতিয়া পানীৰ অভাৱত মূৰে কপালে হাত দিবলগীয়া হৈছে ৷ সেউজ ধাননি পথাৰত পানীৰ অভাৱৰ কাৰনেই ক্ৰমাৎ ৰঙা পৰি গৈছে ধানৰগোচা। অবিভক্ত নলবাৰী জিলাৰ ধমধমা উপ সংমণ্ডলৰ অধীনত বহু বছৰ পূৰ্বে কৃষকৰ সহায় হোৱাকৈ জিলাৰ বিলপাৰ , ডিমিলাপাৰ, (পূৱ ) আৰু ডিমিলাপাৰ ( পশ্চিম ) আৰু চাৰাংবাৰীত নদীখনৰ পৰা পানী উত্তোলন কৰি কৃষপথাৰত পানী যোগানৰ সু ব্যৱস্থা কৰিছিল । কিন্তু আজি চাৰিবছৰ ধৰি জলসিঞ্চন বিভাগে কোনো পানী যোগান ধৰা নাই ৷ এই আঁচনি কেইখন পূৰ্বে নলবাৰী জিলাৰ এলেকাধীন আছিল যদিওঁ সম্প্ৰতি তামুলপুৰ জিলাৰ অধীন হোৱাত আজি চাৰিবছৰে এজনো কৰ্মচাৰী আঁচনি কেইখনৰ ওচৰলৈ যোৱা নাই ৷ ফলত আঁচনি কেইখনৰ ঘৰ দুৱাৰ হাবি জংঘলে ছানি ধৰি ভূত বাংলাত পৰিণত কৰিছে ৷ আঁচনিৰ বিদ্যুত সেৱা, মেচিন আদি সকলো আছে ৷ নাই কেৱল কৰ্মচাৰী ৷ যাৰ ফলত ডিমিলানদীৰ পানী উত্তোলন ব্যৱস্থাৰে জলসিঞ্চনৰ যি ব্যৱস্থা কৰা হৈছিল ই সম্পূৰ্ণ ধোৱাচাঙত উঠিছে ৷ আজিকোপতি এজনো কৰ্মচাৰী নোযোৱাত পানী যোগান আচঁনি কেইখন ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ গতি কৰিছে।

আনহাতে আঁচনি কেইখন বন্ধ হৈ থকাত চাৰিখনৰ আঁচনিৰ অধীনত খেতি কৰি জীৱন নিৰ্বাহ কৰা কৃষক সকল সম্প্ৰতি বিমোৰত পৰিছে ৷ কৃষক সকলে সময় থাকোতে জলসিঞ্চন বিভাগে উপযুক্ত কৰ্মচাৰী নিযুক্তি দি আঁচনি কেইখন পুনৰ কাৰ্যক্ষম কৰিবলৈ চৰকাৰক দাবী জনায় ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande