বাক্সাৰ বংশিবাৰীত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান
তিনি ড্ৰাগছ বিক্ৰেতাক কৰায়ত্ব কৰি আৰক্ষীক গতালে ৰাইজে৷
বাক্সাৰ বংশিবাৰীত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান


বাক্সা,০১ আগষ্ট (হি.স.): বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত বংশীবাৰীত সচেতন ৰাইজে এক ড্ৰাগছ বিৰোধী অভিযান চলাই তিনি ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰে৷ ড্ৰাগছ ব্যৱসায়ী তিনিটাৰ নামৰ ইছাৰুল আলী, বাছিৰ আহমেদ আৰু ৰুবুল আলী৷

উল্লেখ্য যে বিগত দুই বছৰে পৰিয়ালত ড্ৰাগছৰ ব্যৱসায়ী কৰি যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰি গৈছে৷ ফলত অতিষ্ঠ ৰাইজে কালি সন্ধিয়া ঘৰ ঘেৰাও কৰি খেদি খেদি কৰায়ত্ব কৰে তিনি সৰ্বৰাহকাৰীক৷পিছত মাজনিশা গোৱৰ্দ্ধনা আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ তিনি সৰ্বৰাহকাৰী থানালৈ লৈ যায়৷ তিনি সৰবৰাহকাৰীৰ পৰা বৃহৎ পৰিমানৰ সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande