কামৰূপ, ০১ আগষ্ট (হি.স.)। আজি সোণাপুৰত উপস্থিত হয় শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু। ইণ্ডূচ টাৱাৰ (Indus Towers) আৰু এনইএইচ (NEAID) নামৰ প্ৰতিষ্ঠান দুটাৰ অৰ্থসাহায্যৰে সোণাপুৰৰ নৰতাপ এম.ই স্কুলৰ চৌহদত নিৰ্মাণ কৰা ছাত্ৰীৰ বাবে শৌচাগাৰ শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।
INDUS TOWER নামৰ প্ৰতিষ্ঠানটোৰ CSR Fundৰ জড়িয়তে নিৰ্মাণ কৰা এই শৌচাগাৰটোৱে ছাত্ৰীসকলক এটা পৰিস্কাৰ অনাময়ৰ সুবিধা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ৭ খন জিলাৰ ১১খন বিদ্যালয়ত ভাৰ্চুৱেলী শৌচাগাৰ মুকলি কৰে INDUS TOWERS প্ৰতিষ্ঠানটোৱে।
ইফালে আজিৰ শুভ উদ্বোধনী অনুষ্ঠানতে ছাত্ৰীসকলক সুস্থ অনাময় ব্যৱস্থাৰ প্ৰতি সজাগ কৰি তুলিবৰ অৰ্থে এখন পুতলা নাটো মঞ্চস্থ কৰা হয়।
এই কাৰ্যসূচীত মন্ত্ৰী গৰাকীক সংগ দিয়ে INDUS TOWERS ৰ বিষয়ববীয়াৰ লগতে শিক্ষাৰ্থীসকল আৰু স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ
হিন্দুস্থান সমাচাৰ / Narayan Kar / মনোজ কুমাৰ শইকীয়া