তেজপুৰৰ প্ৰথমখন বেচৰকাৰী স্কুল তেজপুৰ শিশু ভাৰতী বিদ্যালয়ত জাতীয় বিদ্যালয়ৰ আৰ্হিত পাঠদান
আদৰণীয় সিদ্ধান্তক অসমীয়া ভাষা উন্নতি সাধিনী সভা, অসম সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, তেজপুৰ সাহিত্য সভাকে ধৰি তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ শলাগ জ্ঞাপন শোণিতপুৰ, ১৪ ডিচেম্বৰ (হি.স.)। চন্দ্ৰপ্ৰভা শইকীয়ানী, চন্দ্ৰবালা বৰুৱা, মিনা আগৰৱালা,
১৯৫৪ চনতে গঢ়ি উঠা তেজপুৰৰ প্ৰথমখন বেচৰকাৰী স্কুল তেজপুৰ শিশু ভাৰতী বিদ্যালয়ত আৰম্ভ হ'ব জাতীয় বিদ্যালয়ৰ আৰ্হিত পাঠদান


আদৰণীয় সিদ্ধান্তক অসমীয়া ভাষা উন্নতি সাধিনী সভা, অসম সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, তেজপুৰ সাহিত্য সভাকে ধৰি তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ শলাগ জ্ঞাপন

শোণিতপুৰ, ১৪ ডিচেম্বৰ (হি.স.)। চন্দ্ৰপ্ৰভা শইকীয়ানী, চন্দ্ৰবালা বৰুৱা, মিনা আগৰৱালা, হেমলতা বৰুৱাৰ পৰা অসমৰ জাতীয় জীৱনৰ বহুকেইগৰাকী প্ৰাত:স্মৰণীয় প্ৰয়াত মহিলাৰ স্মৃতিৰে বিজড়িত অসম প্ৰাদেশিক মহিলা সমিতিৰ সকলোতকৈ সক্ৰিয় তেজপুৰ মহিলা সমিতিৰ নেতৃত্বত ১৯৫৪ চনতে তেজপুৰ গঢ়ি উঠা তেজপুৰৰ প্ৰথমখন বেচৰকাৰী স্কুল শিশু ভাৰতী বিদ্যালয়ত আগন্তুক বৰ্ষৰ পৰা জাতীয় বিদ্যালয়ৰ আৰ্হিত পাঠদান কৰাৰ সিদ্ধান্তই সচেতন মহলক আহ্লাদিত কৰি তুলিছে । সাম্প্ৰতিক সময়ত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি অহা ভাবুকি আৰু চৌদিশে কাঠফুলাৰ দৰে গঢ়ি উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আগ্ৰাসনৰ মাজতো তেজপুৰ চহৰৰ এই বেচৰকাৰী বিদ্যালয়খনে জাতীয় বিদ্যালয়ৰ আৰ্হিত পাঠদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ স্বাভাৱিকতে এক আশাব্যঞ্জক খবৰ হিচাপে বিবেচিত হৈছে ।

এই সিদ্ধান্তৰ পিছত তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে তেজপুৰ মহিলা সমিতিৰ অধীনত চলি অহা ১৯৫৪ চনৰ তেজপুৰৰ প্ৰথম খন বেচৰকাৰী স্কুল শিশু ভাৰতী বিদ্যালয়ত এই বৰ্ষৰ পৰা জাতীয় বিদ্যালয়ৰ আৰ্হিত পাঠদান আৰম্ভ হোৱাটো বৰ্তমান সময়ৰ এক ভাল লগা খবৰ । বৰ্তমান সময়ৰ সৈতে খাপ খুৱাই বিদ্যালয় খন ইংৰাজী মাধ্যমৰ হ'ব নে পূৰ্বৰ দৰে অসমীয়া মাধ্যমতে হ'ব সেই লৈ চিন্তা চৰ্চাৰ অন্তত বৰ্তমানে অতি সফল ভাবে উত্তৰণ হোৱা জাতীয় বিদ্যালয়ৰ আৰ্হীত বিদ্যালয় খনৰ পাঠ দান কাৰ্য্যসূচী হাতত লোৱাৰ সিদ্ধান্ত লোৱা কথাটোক স্থানীয় তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই আন্তৰিক শলাগ লয় আৰু মহিলা সমিতিৰ এই চিন্তাক এক যুগান্তকাৰী সিদ্ধান্ত বুলি অভিহিত কৰে। যি সময়ত অসমীয়া ভাষা সংস্কৃতিৰ লগতে বিদ্যালয় মহাবিদ্যালয় আদিৰ শৈক্ষিক ব্যৱস্থাত জাতীয় চিন্তা চেতনাৰ অভাৱ পৰিলক্ষিত হৈছে তেনে সময়ত শিশু ভাৰতী বিদ্যালয়ৰ দৰে শিক্ষাৰ বাটকটীয়া অনুষ্ঠানে জাতীয় বিদ্যালয়ৰ দৰে স্বদেশ স্বজাতীৰ প্ৰহৰী স্বৰূপ অনুষ্ঠান এটিৰ কাষ চাপিবলৈ লোৱা সিদ্ধান্তৰ বাবে তেজপুৰ মহিলা সমিতি বিষয়ববীয়া লৈ তেজপুৰ অ:ভা:উ:সা: সভাৰ সভাপতি, সম্পাদক ক্ৰমে শান্তনু বৰুৱা আৰু লুইত শৰ্মাই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰে।

আনহাতে তেজপুৰ মহিলা সমিতিয়ে গ্ৰহণ কৰা এই যুগান্তকাৰী সিদ্ধান্তক আদৰণী জনাইছে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ শুকদেৱ অধিকাৰী আৰু প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়াই ।একেদৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস আৰু সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্যৰ লগতে তেজপুৰৰ অন্যতম সামাজিক -সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান তৰুণ অসম সংঘৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়া ,অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাৰ লগতে অসম সাহিত্য সভাৰ প্ৰচাৰ উপ সমিতিৰ সভাপতি মহেন্দ্ৰ কুমাৰ নাথ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা আদিয়েও তেজপুৰৰ প্ৰথমখন বেচৰকাৰী স্কুলৰ পাঠদান শেহতীয়াকৈ জাতীয় বিদ্যালয়ৰ আৰ্হিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত ই এক আদৰণীয় সিদ্ধান্ত বুলি উল্লেখ কৰি বিদ্যালয়খনৰ উত্তৰণৰ ক্ষেত্ৰত তেজপুৰৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande