
–অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ ৩৬ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন
–নাট্য আন্দোলনৰ ভেটি শক্তিশালী কৰিবলৈ গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ –বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ অশীতিপৰ নাট্যশিল্পী মহেন্দ্ৰ নাথ কেওঁটক বিশেষ সম্বৰ্ধনা জ্ঞাপন –এই বয়সত এনে সন্মানে মোক নতুন শক্তি প্ৰদান কৰিব -মহেন্দ্ৰ নাথ কেওঁট –বিক্ৰম কুমাৰ বৰাক সভাপতি হিচাপে লৈ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন –নতুন আজীৱন সভ্যক অসম নাট্য সন্মিলনৰ আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ প্ৰদান শোণিতপুৰ, ১৪ ডিচেম্বৰ (হি.স.)। অসমৰ অন্যতম জাতীয় অনুষ্ঠান হিচাপে পৰিগণিত হোৱা অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ ৩৬ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । তেজপুৰ শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত অধিৱেশনৰ মূল সভাখন আৰম্ভ হয় সম্পাদক জিন্টু বৰঠাকুৰৰ উদ্দ্যেশ্য ব্যখ্যা আৰু সম্পাদকীয় প্ৰতিবেদন পাঠেৰে।
অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, তেজপুৰ শাখাৰ সকলো বিষয়ববীয়া আৰু সদস্য -সদস্যা সকলৰ লগতে অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিবেশনৰ সভাপতি তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট আৰু বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই বিশেষ আসন শুৱনি কৰা মূল সভাখনত সন্মিলনৰ সাংগঠনিক দিশৰ ওপৰত বিষদভাৱে আলোকপাত কৰা হয় । তেজপুৰ শাখাৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা মূল সভাখনত তেজপুৰৰ জ্যেষ্ঠ নাট্যশিল্পী বাবুল বৰঠাকুৰে প্ৰথমেই সাংগঠনিক দিশটোৰ ওপৰত নিজৰ বক্তব্য দাঙি ধৰি শিশু আৰু চেমনীয়া সকল উদ্বুদ্ধ হ'ব পৰাকৈ সন্মিলনে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে নাটশিল্পৰ সৈতে সংপৃক্ত হৈ থকা কলা নিৰ্দেশনা, সাজসজ্জা ,ৰূপসজ্জা, দৃশ্যসজ্জা, আলোক নিয়ন্ত্ৰণ, সংগীত ব্যৱস্থাপনা আদি কাৰীকৰি দিশ সমূহৰ ওপৰত কৰ্মশালা আদি অনুষ্ঠিত কৰি অসমৰ আধুনিক নাট্য আন্দোলনৰ ভেটি মজবুত কৰাৰ পথ প্ৰশস্ত কৰিবলৈ আহ্বান জনায় ।
বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে একোটা অনুষ্ঠান বিভিন্ন কাৰ্য্যসূচীৰে ব্ৰতী থাকিবলৈ হ'লে ধনৰ প্ৰয়োজন আৰু সেই ধনৰাশি চান্দা বৰঙণিৰ ওপৰত নিৰ্ভৰ নকৰি সদস্য বৰঙণিৰ জৰিয়তে প্ৰতিমাহে সংগ্ৰহ কৰি সন্মিলনৰ কামকাজ আগবঢ়াই নিয়াৰ পোষকতাৰ লগতে কম খৰছৰ সৰু সৰু অনুষ্ঠানৰ জৰিয়তে সাংগঠনিক ভেটি শক্তিশালী কৰি তোলাৰ পোষকতা কৰে ।আনহাতে অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সাংগঠনিক দক্ষতা আৰু বিষয়ববীয়াৰ লগতে সদস্য -সদস্যা সকলৰ একনিষ্ঠতাৰ বাবেই তেজপুৰত অনুষ্ঠিত হৈ যোৱা অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিবেশনৰ অভ্যৰ্থনা সমিতিয়ে ১৬ লাখকৈ টকা ৰাহি কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে ।
জ্যেষ্ঠ সদস্য বিক্ৰম কুমাৰ বৰাই সন্মিলনৰ স্হায়ী কাৰ্যালয়ৰ ৩০ শতাংশ কামৰ অগ্ৰগতিৰ প্ৰসংগ উত্থাপন কৰাৰ লগতে শাখাৰ কাৰ্যসূচী সমূহ পাৰ্শ্বৱৰ্তী গ্ৰামাঞ্চললৈ সম্প্ৰসাৰণ কৰি খৰছ বোজা কমাব পাৰি বুলি মন্তব্য কৰি শাখাৰ ইতিহাস শুদ্ধ ৰূপত ৰাখিবলৈ প্ৰত্যেকটো অনুষ্ঠানৰ কাৰ্যবিৱৰণী সঠিকভাৱে ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । পংকজ বৰুৱাই অসমৰ নাট্য সাহিত্যৰ ভেটি শক্তিশালী হ'বলৈ মৌলিক নাটক সৃষ্টিৰ দিশটোত গুৰুত্ব প্ৰদান কৰি তেজপুৰৰ পৰা সাম্প্ৰতিক সময়ত মাত্ৰ তিনিগৰাকী বৰ্তমান সময়ৰ নাট্যকাৰ ক্ৰমে -পুলক কুমাৰ ডেকা, দিগন্ত কুমাৰ ভূঞা আৰু দেৱব্ৰত শৰ্মাই মৌলিক নাটক সৃষ্টিৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে যদিও আন নতুন প্ৰজন্ম আগবাঢ়ি অহা নাই বুলি কৈ এই দিশটোৰ ক্ষেত্ৰত সন্মিলনে গুৰুত্ব প্ৰদান কৰাৰ লগতে তাহানিৰ নাট্য পৰম্পৰাৰ সলনি নাটকত পৰীক্ষা -সম্পৰীক্ষাৰ দিশটোত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।
মূল সভাখনত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, দেৱব্ৰত শৰ্মা, কৰুণা শইকীয়া, প্ৰশান্ত দাস, বিপ্লৱ শৰ্মা, তেজপুৰ শাখাৰ উপসভাপতি সত্যদেৱ শৰ্মা, ভূপেন বৰুৱা, মানসী চলিহা, অপূৰ্ব বৰা, ডিম্বেশ্বৰ শইকীয়া আদিয়েও ভাষণ প্ৰদান কৰে । উল্লেখ্য যে অসমৰ নাট্য আন্দোলনৰ গতিক অধিক ত্বৰান্বিত কৰিবলৈ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰা আজিৰ এই অধিবেশনৰ মূল সভাতে তেজপুৰৰ প্ৰবীণ নাট্যশিল্পী তথা অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিবেশনৰ সভাপতি, বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁটক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । এখন গামোচা, চেলেং, স্মাৰক আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছত অশীতিপৰ মহেন্দ্ৰ নাথ কেওঁটে ষষ্ঠ শ্ৰেণীৰ পৰা নাট -ভাওনা কৰাৰ স্মৃতি ৰোমন্থন কৰি প্ৰথম নাৰী চৰিত্ৰত অৰ্থাৎ সীতাৰ চৰিত্ৰ ৰূপায়ন কৰি নাটশিল্পত আত্মপ্ৰকাশ কৰিছিল বুলি কৈ নটসূৰ্য্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামী, তুলসী দাস আদি নাট্য যোদ্ধাৰ সান্নিধ্য লাভ কৰি বহু মঞ্চ নাটকত অভিনয় কৰাৰ স্মৃতি ৰোমন্থন কৰি একপ্ৰকাৰ নষ্টালজিক হৈ পৰে ।
উল্লেখ্য ৯৪ বছৰীয়া অশীতিপৰ মহেন্দ্ৰ নাথ কেওঁটে অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ বিষয়ববীয়া সকলৰ একনিষ্ঠতাৰ বাবেই বিগত সময়ত তেজপুৰত অনুষ্ঠিত হৈ যোৱা অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি সভাপতিৰ দায়িত্বত থাকি অধিৱেশন সফলকাম কৰাই নহয় অতি দৃষ্টান্তমূলক ভাৱে অধিৱেশন হৈ যোৱাৰ পিছত ১৬ লাখকৈ টকা ৰাহি কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰি তেজপুৰ শাখাৰ সকলো বিষয়ববীয়া আৰু সদস্যৰ শালগ লৈ এই বয়সত এনে সন্মানে জীৱনটোক নতুন শক্তি দিব বুলি মন্তব্য কৰে । কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে অধিৱেশনত উপস্থিত থকা অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়াইও ভাষণ প্ৰদান কৰা মূল সভাতে অসম নাট্য সন্মিলনৰ আজীৱন সভ্যৰ পদ গ্ৰহণ কৰা লুইত বৰা আৰু খনিন্দ্ৰ কুমাৰ তালুকদাৰক আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।
আনহাতে পুৱা সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ দ্বাৰা পতাকা উত্তোলনেৰে আজিৰ এই অধিবেশন আৰম্ভ হয়। আনহাতে আজিৰ অধিৱেশনতে অসম নাট্য সন্মিলনৰ পৰৱৰ্তী বৰ্ষৰ নতুন সমিতিখন গঠন কৰা হয় । অধিৱেশনে বিক্ৰম কুমাৰ বৰাক সভাপতি, সত্যদৱ শৰ্মাক কাৰ্যকৰী সভাপতি, ভূপেন শৰ্মা, জিণ্টু বৰঠাকুৰ, নীৰু নেওগ বৰা আৰু প্ৰশান্ত কুমাৰ দাসক উপ সভাপতি, জ্যোতি প্ৰসাদ গোস্বামীক সম্পাদক, মৃন্ময় কুমাৰ মহন্ত, খনিন্দ্ৰ কুমাৰ তালুকদাৰক সহকাৰী সম্পাদক, বিপ্লৱ কুমাৰ শৰ্মা , মানসী চলিহা ডেকা, অপূৰ্ব বৰা, ধৰণীধৰ নাথক সাংগঠনিক সম্পাদক, দিগন্ত কুমাৰ ভূঞাক প্ৰচাৰ সম্পাদক, জয়ন্ত শৰ্মাক কোষাধ্য়ক্ষ, খনীন্দ্ৰ কুমাৰ দাস, কৰুণা শইকীয়া, দেৱব্ৰত শৰ্মা, দ্বীপেন শইকীয়া, ভবেন কুমাৰ বৰা, মৰমী বৰুৱা, দৰ্শনা বাইলুং, মৃগেন বৰা (১), ডিম্বেশ্বৰ শইকীয়া, সোণালী ভাগৱতী, জুৰি বৰা, তাপস্বী বৰ্মন, চিৰঞ্জীৱ বৰুৱা আৰু হেমধৰ দাসক কাৰ্যকৰী সদস্য হিচাপে মনোনীত কৰাৰ লগতে বীৰেন্দ্ৰ কুমাৰ বৰা, মহেন্দ্ৰ নাথ কেওট, ড০ শিৱৰঞ্জন মহন্ত, বঙ্কিম শৰ্মা, জগন্নাথ বৰা, জিতুমণি দেৱচৌধুৰী, পঙ্কজ বৰুৱা, মৃগেন চন্দ্ৰ বড়া, মনোৰঞ্জন মহন্ত, শেখৰ বৰুৱা আৰু দ্বীজেন নাথক উপদেষ্টা হিচাপে মনোনীত কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ