তেজপুৰত সান্ত্বনা বৰদলৈৰ ‘অদাহ্য’ আৰু ‘মাজৰাতি কেতেকী’ চিত্ৰনাট্য শীৰ্ষক গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন
শোণিতপুৰ, ১৪ ডিচেম্বৰ (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক, নাট সমালোচক ড০ সুব্ৰত জ্যোতি নেওগ সংকলিত আৰু সম্পাদিত প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক সান্ত্বনা বৰদলৈৰ ‘অদাহ্য’ আৰু ‘মাজৰাতি কেতেকী’ৰ চিত্ৰনাট্য শীৰ্ষক এখন গুৰুত্বপূৰ্
অসমীয়া চিত্ৰনাট্য সাহিত্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সংযোজন


শোণিতপুৰ, ১৪ ডিচেম্বৰ (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক, নাট সমালোচক ড০ সুব্ৰত জ্যোতি নেওগ সংকলিত আৰু সম্পাদিত প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক সান্ত্বনা বৰদলৈৰ ‘অদাহ্য’ আৰু ‘মাজৰাতি কেতেকী’ৰ চিত্ৰনাট্য শীৰ্ষক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ গুৱাহাটীৰ উদাৰা প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কালি উন্মোচন কৰা হয়।

অসম বুক ট্ৰাষ্টে প্ৰকাশ কৰা এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে চলচ্চিত্ৰ সমালোচক মুনিন বায়ন আৰু বিশিষ্ট কবি, বিজ্ঞানী ড° বিপুল জ্যোতি শইকীয়াই। অনুষ্ঠানটোত চলচ্চিত্ৰ পৰিচালক সান্ত্বনা বৰদলৈৰ লগতে বিশেষ অতিথি হিচাপে উপস্থিত থাকে অভিনেতা কপিল বৰা, অধ্যাপক আশা কোঠাৰী চৌধাৰী, অধ্যাপক তিলোত্তমা মিশ্ৰ, উদয়ন মিশ্ৰ, চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰী আৰু সাহিত্যিক তপন দত্ত‌ গীতিকাৰ অভিনেতা ৰাহুল গৌতম শৰ্মা আদি। অনুষ্ঠানটো সঞ্চালনা কৰে নাট্যকাৰ আৰু পৰিচালক নয়ন প্ৰসাদে। এই গ্ৰন্থখন অসমীয়া চিত্ৰনাট্য সাহিত্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন বুলি বক্তাসকলে মত প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande